NORTHEAST NOW (Assamese)
অসম

গ’ গ্ৰীণ, ষ্টে ফিট : মেঘালয়ত যুৱ প্ৰশাসনিক বিষয়াই দেখুৱাইছে স্বাস্থ্যকৰ জীৱনৰ বাট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 5:32 pm
meghalaya-dc

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত ৰাম সিঙৰ নতুন অৱতাৰে সকলোকে আকৰ্ষিত কৰিছে।

যুৱ প্ৰশাসনিক বিষয়াগৰাকীয়ে ৰাজ্যখনৰ পৰম্পৰাগত বাহৰ শাক-পাচলি কঢ়িওৱাৰ বাবে ব্যৱহৃত এবিধ সজুলি পিঠিত বান্ধি বজাৰলৈ আহি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

স্থানীয় নাগৰিকসকলক সাধাৰণ আৰু স্বাস্থ্যৱান জীৱন শৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ অৰ্থে সিঙে প্ৰতি সপ্তাহতে মেঘালয়ৰ শাক-পাচলিৰ বজাৰখনলৈ প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ি যায়।

তাৰোপৰি, ইয়াৰ জৰিয়তে তেওঁ পৰিবেশক স্বাস্থ্যকৰ আৰু প্ৰদূষণ মুক্ত কৰি কৰি ৰখাৰ ক্ষেত্ৰতো এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

বজাৰখনলৈ শাক-পাচলি কঢ়িয়াই অনাৰ দৃশ্য ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সিঙে লিখিছে-‘‘সপ্তাহৰ ২১ কেজি জৈৱিক শাক-পাচলি বজাৰ কৰিলো। প্লাষ্টিক নাই, যান-বাহনৰ প্ৰদূষণ নাই, যান-যত নাই। ফিট ইণ্ডিয়া, ফিট মেঘালয়, পোষাণ, ১০ কিলোমিটাৰৰ খোজকাঢ়ি যাত্ৰা।’’

হিমাচলত জন্মলাভ কৰা সিঙে পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত হিচাপে ২০১৭ চনৰ ১ ডিচেম্বৰৰ পৰা কাৰ্য্যনিৰ্বাহ কৰি আহিছে।