NORTHEAST NOW (Assamese)
অসম

ডিমাপুৰত অভিযান চলাই চুৰি মোবাইলসহ দুজন চোৰক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া December 1, 2018 8:14 pm
IMG-20181201-WA0079

নিৰ্বাচনী ব্যস্ততাৰ মাজতেই গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ডিমাপুৰত অভিযান চলাই দহটা অত্যাধুনিক চুৰি  মোবাইল ফোনসহ দুজন চোৰক গ্ৰেপ্তাৰ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে যোগান ধৰা তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা অৰ্থাৎ ৩০ নৱেম্বৰ শুকুৰবাৰে গোলাঘাট আৰক্ষীৰ অভিযানকাৰী দলটোৱে চুবুৰীয়া ৰাজ্য ডিমাপুৰৰ ইষ্ট পুলিচ ষ্টেশ্যনৰ অন্তৰ্গত নেতাজী নগৰত আত্মগোপন কৰি থকা জীবেল হুছেইন (২৪) আৰু জমিৰ আহমেদ (২৩) নামৰ চোৰ দুজনক গ্ৰেপ্তাৰ সক্ষম হয়।

উক্ত লোকদুজনৰ ভিতৰত জীবেল হুচেইনৰ ঘৰ বদৰপুৰৰ কলাগাওঁ অঞ্চলত আৰু জমিৰ আহমেদৰ ঘৰ বদৰপুৰৰ চেনি পথুন গাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে চোৰ দুজনে যোৱা ২০ নৱেম্বৰ তাৰিখে গোলাঘাট নগৰৰ ‘কে বি ইলেকট্ৰনিকছ’ নামৰ এখন দোকানৰ পৰা উক্ত মূল্যৱান স্মাৰ্ট ফোনকেইটা চুৰি কৰিছিল। গোলাঘাট আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (৪৫৭/৩৮০) অধীনত (৯৯৯/১৮) নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে।