NORTHEAST NOW (Assamese)

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী উদমাৰি অঞ্চলত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ 

August 29, 2020 8:21 am · ভাৰ্গব হাজৰিকা
Updated: August 29, 2020 8:23 am

প্ৰায় এটা মাহৰ ভিতৰতে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হ’ল দ্বিতীয়টো দুষ্প্ৰাপ্য লাজুকী বান্দৰ।

চামগুৰিৰ উদমাৰিত কালি বিয়লি পথৰ ওপৰত বিচৰণ কৰি থকাৰ অৱস্থাত দুষ্প্ৰাপ্য বান্দৰটো এজন গাড়ী চালকে প্ৰত্যক্ষ কৰাৰ পিছত ঠাইখনত বান্দৰটো চাবলৈ ভিৰ কৰে একাধিক উৎকণ্ঠিত লোকে।

পাছত দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক একাংশ কাণ্ডজ্ঞানহীন লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা বুলি খবৰ লাভ কৰে নগাঁৱৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

ততাতৈয়াকৈ দুলু বৰা ঘটনাস্থলীত উপস্থিত হৈ গাড়ী চালক গৰাকীৰ সহযোগত বন্যপ্ৰাণীটো উদ্ধাৰ কৰি উদণ্ড লোক কেইজনৰ পৰা আতৰাই আনিবলৈ সক্ষম হয়।

দুলু বৰাই কম বয়সৰ যেন অনুমান কৰা দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক আহাৰ যোগান ধৰাৰ পাছত চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া আৰু কেইবাজনো বনকৰ্মীৰ সহযোগত লাজুকী বান্দৰটো অতি সযতনে আনি চাপানালাৰ নিকটৱৰ্ত্তী চোৰাং সংৰক্ষিত বনাঞ্চলৰ হাবিত সুকলমে মুকলি কৰি দিয়া দেখা যায়।

উল্লেখযোগ্য যে, একেটা মাহতে দুটাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰাকে ধৰি চলিত বছৰটোতে সৰ্বমুঠ চাৰিটাকৈ লাজুকী বান্দৰ আজি পৰ্য্যন্ত উদ্ধাৰ কৰি চোৰাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

Related News