NORTHEAST NOW (Assamese)
অসম

উগ্ৰপন্থীৰ আক্ৰমণত চহিদ জোৱানৰ পৰিয়াললৈ ২০ লাখ টকাৰ অনুদান মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 8:23 pm
NSCN_Assam_Riffles

যোৱা ২৫ মে’ত নাগালেণ্ডত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত চহিদ হোৱা অসম ৰাইফলছৰ জোৱান কালিদাস শৰ্মাৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিব। আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দেশ মাতৃৰ সুৰক্ষা আৰু নিৰাপত্তাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱান গৰাকীৰ সাহসিকতাত সমগ্ৰ দেশবাসী গৌৰৱান্বিত বুলিও কয়।

Kalidas Sarma
চহিদ কালিদাস শৰ্মা

ইয়াৰ উপৰি শোণিতপুৰ জিলাৰ বালিপাৰাৰ সমীপৰ খনামুখ বেৰাজান নিবাসী এই গৰাকী সাহসী জোৱানৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

উল্লেখ্য যে যোৱা ২৫ মে’ৰ দুপৰীয়া নাগালেণ্ডৰ মন জিলাৰ চাংলাংচো নামৰ ঠাইত সশস্ত্ৰ বিদ্ৰোহী সংগঠনে আছাম ৰাইফলছৰ এটা কনভয়ৰ ওপৰত জধে-মধে গুলীচালনা কৰাৰ ফলত দুজন জোৱানৰ মৃত্যু হোৱাৰ উপৰি তিনিজন জোৱান জখম হৈছিল।