NORTHEAST NOW (Assamese)

ইণ্টাৰনেটত ডিপফেক উপাদানৰ বৰ্দ্ধিত প্ৰয়োভৰ! ‘ডিজিটেল ইণ্ডিয়া বিধেয়ক’ সংসদত উত্থাপনৰ পৰিকল্পনা মোদী চৰকাৰৰ

June 15, 2024 8:46 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে-এ জনোৱা মতে, নৱনিৰ্বাচিত নৰেন্দ্ৰ মোদী চৰকাৰে আগন্তুক সংসদ অধিৱেশনত এআইৰ দ্বাৰা সৃষ্টি হোৱা ডিপফেক ভিডিঅ’ আৰু অন্যান্য অনলাইন কন্টেন্টৰ বিপদৰ ওপৰত চকু ৰাখিবলৈ এখন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ইণ্ডিয়া বিল হিচাপে নামকৰণ কৰা এই আইনখনে কৃত্ৰিম বুদ্ধিমত্তা (এআই) প্ৰযুক্তি ব্যৱহাৰৰ উন্নত উপায়ো অন্বেষণ কৰিব বুলি সূত্ৰই উল্লেখ কৰে৷

আগন্তুক সংসদ অধিৱেশনত ইউটিউবকে ধৰি বিভিন্ন অনলাইন মাধ্যমৰ ভিডিঅ’সমূহ নিয়ন্ত্ৰণৰ বাবেও আইন প্ৰণয়ন কৰা হ’ব।১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন হ’বলগীয়া আগন্তুক সংসদ অধিৱেশন ২৪ জুনত আৰম্ভ হ’ব আৰু ৩ জুলাইত সমাপ্ত হ’ব।

যোৱা বছৰৰ আৰম্ভণিতে তদানীন্তন ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰেও এই বিধেয়ক সন্দৰ্ভত উল্লেখ কৰিছিল যে পৰৱৰ্তী চৰকাৰে ইয়াক প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ বাবে গ্ৰহণ কৰিব।

উল্লেখ্য যে, ডিপফেক হৈছে এনে এক প্ৰযুক্তি যিয়ে ভুৱা তথ্য বিয়পোৱা, ৰাজহুৱা ব্যক্তিক লৈ ভিডিঅ’ নিৰ্মাণ কৰা, ব্যক্তিগত গোপনীয়তা আক্ৰমণকে ধৰি প্ৰতাৰণামূলক বা বিভ্ৰান্তিকৰ বিষয়বস্তু সৃষ্টি কৰে৷

চলিত বৰ্ষৰ এপ্ৰিল মাহত মুম্বাই আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিপফ’ক ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰ যুৱ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু আন ১৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।ভুৱা ভিডিঅ’টোত বিজেপি নেতা শ্বাহে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচিৰ সংৰক্ষণৰ অধিকাৰ কৰ্তনৰ কথা ঘোষণা কৰা দেখা গৈছে বুলি অভিযোগ উঠিছে।

Related News