NORTHEAST NOW (Assamese)

মোদী চৰকাৰৰ বনিয়াপ্ৰীতি : দেশত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা হ্ৰাস কৰা হ’ব ৩০০ টাৰ পৰা প্ৰায় ২৪ টালৈ !

February 8, 2021 12:48 pm · এন ই নাও নিউজ

যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথাই প্ৰতি আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগ উত্থাপন কৰি আহিছে সেই সময়তে চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা লক্ষ্যণীয় ভাবে হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

নিটি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে দেশত  থকা ৩০০ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা প্ৰায় ২৪ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

এই ক্ষেত্ৰত কিমানটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জীয়াই ৰখা হ’ব সেই বিষয়ে কেন্দ্ৰীয় কেবিনেটে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

যোৱা ১ ফেব্ৰেুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত এইবুলি উল্লেখ কৰিছিল যে দেশৰ চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

সীতাৰমণে উল্লেখ কৰা সেই চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে ক্ৰমে আণৱিক শক্তি ক্ষেত্ৰৰ প্ৰতিষ্ঠান,মহাকাশ গৱেষণা আৰু প্ৰতিৰক্ষা,শক্তি, পেট্ৰ’লিয়াম, বেংকিং, কয়লা,বেংকিং আৰু বীমা আদি।

উল্লেখ্য ২০১৮-১৯ ত দেশত থকাৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সংখ্যা আছিল ৩৪৮।

মোদীৰ চৰকাৰে  লোকচানৰ দোহাই দি এনেদৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ ইটোৰ পিছত সিটোকৈ বন্ধ কৰি যোৱাৰ কথাই এতিয়া বহুতকে ভবাই তুলিছে ।

চৰকাৰে ৰুগ্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহক পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ গ্ৰহণৰ সলনি সেইবোৰ বন্ধ কৰিবলৈ অথবা ব্যক্তিগত খণ্ডৰ হাতত তুলি দিবলৈহে উঠি-পৰি লগা পৰিলক্ষিত হৈছে।

ব্যক্তিগত খণ্ডৰ প্ৰতি মোদীৰ চৰকাৰে প্ৰদৰ্শন কৰা দৰদে এতিয়া বহু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত লোকৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে।

নগাঁও কাগজকল, কাছাৰৰ পঞ্চগ্ৰাম কাগজকল আদিও চৰকাৰে উদ্দেশ্যপ্ৰণোদিত ভাবে বন্ধ কৰি দিয়াত বহুতৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

যদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ ব্যক্তিগত খণ্ডক গতাবই লাগে তেন্তে দিল্লীত বহি থকা চৰকাৰ খনৰ  কাম কি বুলিও বহুতে প্ৰশ্ন কৰিবলৈ লৈছে।

Related News