NORTHEAST NOW (Assamese)
অসম

হাইস্কুলৰ ফিক্সড পে’ত কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়া নকৰে চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2019 11:05 am
Siddhartha Bhatacharya education minister_1

ৰাজ্যখনৰ হাইস্কুলসমূহত ফিক্সড পে’ত চাকৰি কৰি থকা শিক্ষকসকলৰ চাকৰি চৰকাৰে নিয়মীয়া নকৰে।

বিধানসভাত সোমবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা স্পষ্ট কৰিছে।

২০০১ চনত হাইস্কুলত ফিক্সড পে’ত চাকৰি লাভ কৰা শিক্ষকসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছিল।

শিক্ষা মন্ত্ৰীয়ে সদনত জনায় যে সেই সময়ত ১২৪ টা পদৰ বিপৰীতে ৭০০তকৈয়ো অধিক পদত নিযুক্তি দিয়া হৈছিল।

১৯৯৬ চনৰ বিজ্ঞাপন মৰ্মে ২০০১ চনত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ভিতৰত অতিৰিক্তভাৱে নিযুক্তি লাভ কৰাসকলৰ চাকৰি অবৈধ বুলি যুক্তি দাঙি ধৰি সেইয়া এতিয়া নিয়মীয়া কৰা সম্ভৱ নহয় বুলি জনায় শিক্ষা মন্ত্ৰীয়ে।

শিক্ষা মন্ত্ৰীয়ে যুক্তি দিয়ে যে অবৈধভাৱে নিযুক্তি পোৱা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিলে অবৈধভাৱে নিযুক্তি পোৱা আন শিক্ষকেও চাকৰি নিয়মীয়া কৰাৰ দাবী তোলাৰ সুযোগ পাব।

২০০১ চনত নিযুক্তি পোৱা এই শিক্ষকসকলৰ ভিতৰত বৰ্তমান ৫২৬ গৰাকী কৰ্মৰত হৈ আছে।

শিৱসাগৰ, শোণিতপুৰ, নগাঁও, লখিমপুৰ আৰু ধেমাজি জিলাত নিৰ্দিষ্ট পদৰ বিপৰীতে অতিৰিক্ত নিযুক্তি দিয়া হৈছিল।

বৰ্তমান ১৫,৫০০ টকাকৈ নিৰ্দিষ্ট হাৰত দৰমহা লাভ কৰি থকা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা নহয় বুলি শিক্ষা মন্ত্ৰীয়ে সদনত স্পষ্ট কৰি দিয়ে।

ইপিনে, চাকৰি নিয়মীয়াকৰণৰ দাবীৰে শিক্ষকসকলে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

চৰকাৰে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত যোৱাৰ হুংকাৰ দিয়ে শিক্ষা মন্ত্ৰীয়ে।

আনহাতে, চৰকাৰৰ এনে কঠোৰ স্থিতিৰ সন্দৰ্ভত হাইস্কুল ফিক্সড পে’ শিক্ষক সমিতিয়ে চৰকাৰক উচ্চতম ন্যায়ালয়লৈ নগৈ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ আহ্বান জনাইছে।