NORTHEAST NOW (Assamese)

এইচ ডি এফ চি বেংকলৈ ২০২০ বৰ্ষৰ ‘গ্ৰেট প্লেচ টু ৱৰ্ক’ৰ স্বীকৃতি

June 20, 2020 5:09 pm · দীপজ্যোতি শৰ্মা
Updated: June 20, 2020 5:10 pm
এইচ ডি এফ চি বেংক

এইচ ডি এফ চি বেংকে একমাত্ৰ ভাৰতীয় বেংক হিচাপে ‘গ্ৰেট প্লেচ টু ৱৰ্ক ইষ্টিটিউটৰ পৰা লাভ কৰিব ২০২০ বৰ্ষৰ ‘গ্ৰেট প্লেচ টু ৱৰ্ক’ বঁটা।

বিভিন্ন কৰ্মচাৰীৰ মাজত এক তৃতীয় পক্ষৰ গোলকীয় প্ৰাধিকৰণে অনুষ্ঠিত কৰা সৰ্বেক্ষণৰ ভিত্তিত এই স্বীকৃতি প্ৰদান কৰা হৈছে।

এইচ ডি এফ চি বেংকৰ ক্ষেত্ৰত সৰ্বেক্ষণ সমগ্ৰ দেশতে বেংকটোৰ কাৰ্য্যালয় তথা ৫০০০ কৈ অধিক শাখাত অনুষ্ঠিত কৰা হৈছিল।

৯৪ শতাংশতকৈ অধিক যোগ্য কৰ্মচাৰীয়ে এই সৰ্বেক্ষণত অংশগ্ৰহণ কৰিছিল আৰু বেংকটোক পাঁচটা প্ৰধান মপদণ্ডৰ ভিত্তিত মূল্যায়ন প্ৰদান কৰিছিল।

এয়া কেৱল চাৰিটা বৃহৎ উদ্যোগৰ ভিতৰত এটা হিচাপে স্বীকৃতি প্ৰদান হ’ব য’ত ৫০,০০০ কৈ অধিক কৰ্মচাৰী আছে।

বেংকটোৱে ইয়াৰ কৰ্মচাৰী সকলক প্ৰদান কৰা মান্যতা তথা তেওঁলোকৰ সন্মান, নিৰপেক্ষতা,গৌৰৱ আৰু বিশ্বাসযোগ্যতাৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ফলত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

‘গ্ৰেট প্লেচ টু ৱৰ্ক ইষ্টিটিউটে’ উদ্যোগ এটাৰ মানৱ সম্পদৰ ব্যৱহাৰ্য্য তথা নীতিসমূহ পৰীক্ষণ কৰে আৰু প্ৰতিষ্ঠানটোৰ কৰ্ম পদ্ধতিক ব্যৱসায়, শৈক্ষিক প্ৰতিষ্ঠান তথা চৰকাৰী সংস্থাসমূহত কাম কৰাৰ সংজ্ঞা নিৰূপণৰ গ’ল্ড ষ্টেণ্ডাৰ্ড বুলি বিবেচনা কৰা হয়।

এইচ ডি এফ চি বেংকে প্ৰথমবাৰলৈ ২০২০ বৰ্ষত এই সৰ্বেক্ষণত অংশগ্ৰহণ কৰি ভাৰতত বি এফ এছ আইৰ দ্বাৰা একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত বেংক হিচাপে এই সন্মান লাভ কৰিছে।

Related News