NORTHEAST NOW (Assamese)

আইএএফৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু

December 15, 2021 1:13 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৮ ডিচেম্বৰত সংঘটিত মৰ্মান্তিক আইএএফৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা সেনা বিষয়াজনে আজি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে তামিলনাডুত সংঘটিত দুৰ্ঘটনাত ভাৰতৰ প্ৰথমজন CDS বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা আৰু আন ১১ জন সেনা বিষয়া তথা জোৱান নিহত হৈছিল।

“৮ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ আজি ৰাতিপুৱা মৃত্যুবৰণ কৰা সাহসী গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুৰ বিষয়ে অৱগত কৰি আইএএফ গভীৰভাৱে দুখিত।আইএএফে আন্তৰিক সমবেদনা জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ কাষত দৃঢ়তাৰে থিয় দিছে।” ভাৰতীয় বায়ু সেনাই টুইট কৰে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গ্ৰুপ কেপ্তেইনজনৰ মৃত্যুত শোক প্ৰকাশ কৰে। টুইট যোগে মোদীয়ে কয়, “গ্ৰুপ কেপ্টেইন বৰুণ সিঙে গৌৰৱ, বীৰত্ব আৰু পৰম পেছাদাৰীতাৰে দেশৰ সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুত মই অত্যন্ত দুখিত। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সমৃদ্ধ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।”

Related News