NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ৰাজপথত প্ৰচণ্ড মাৰপিট কিন্নৰৰ, কেইবাগৰাকীও আহত

July 24, 2020 6:43 pm · কল্পজ্যোতি শইকীয়া
Updated: July 24, 2020 7:22 pm

মালিগাঁওত ব্যৱসায়িক প্ৰতিষ্ঠানত ধন সংগ্ৰহ কৰি থাকোতে কিন্নৰৰ দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

ৰেলত পইচা তোলা সকলে আহি ব্যৱসায়িক প্ৰতিষ্ঠানত পইচা খুজিবলৈ আৰম্ভ কৰাত দুয়োপক্ষৰ কিন্নৰৰ মাজত আৰম্ভ হয় খণ্ডযুদ্ধ।

প্ৰথমে কথাৰ কটাকটি আৰু তাৰ পাছত হৈছিল মাৰপিট। আনকি দুয়োপক্ষৰ কাজিয়াত কেবাগৰাকীও কিন্নৰৰ কাপোৰ ফালি ৰাজপথত উলংগ হৈ পৰে।

আন কিছুসংখ্যক ৰাস্তাৰ মাজতে নিজৰ গুপ্তাঙ্গ প্ৰদৰ্শন কৰি অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে।

পাছত ঘটনাস্থলীত জালুকবাৰী আৰু মালিগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে লাঠিচালনা কৰাৰ পাছত সকলো ঘটনাস্থলীৰ পৰা পলাই পত্ৰ্ং দিয়ে।

বিয়লি প্ৰায় ২ বজাত এই ঘটনা সংঘটিত হৈছে।

কিন্নৰ সকলৰ এটা পক্ষ অসমৰ আৰু আনটো পক্ষ বহিঃৰাজ্যৰ। মালিগাঁও চাৰিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বহিঃৰাজ্যৰ কিন্নৰৰ দলটোৱে আহি পইচা তুলিবলৈ আৰম্ভ কৰোঁতেই পূৰ্বৰ পৰা ধন  সংগ্ৰহ কৰি থকা অসমৰ স্থানীয় কিন্নৰসকলে আক্ৰমণ কৰে।

এই ঘটনাত কেইবাগৰাকী কিন্নৰ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক চিকিৎসাৰ বাবে ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related News