NORTHEAST NOW (Assamese)

গিনিজ বুকত নাম : চপষ্টিকৰে এক মিনিটত ৩৭টা ভাত খাই অভিলেখ বাংলাদেশী কন্যাৰ

December 23, 2024 7:37 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 23, 2024 4:49 pm

গিনিজ বুকৰ নিয়ম অনুসৰি এবাৰত মাত্ৰ এটাহে ভাত তুলি লৈছিল যুৱতীগৰাকীয়ে। তেনেকৈয়ে ১ মিনিটত ৩৭ বাৰত ৩৭ টা ভাত খাই অভিলেখ ৰচিলে তেওঁ।

এই চপষ্টিকেৰে ভাত খাই অভিলেখ ৰচনা কৰিলে বাংলাদেশৰ এগৰাকী যুৱতীয়ে। ছুমাইয়া খান নামৰ যুৱতীগৰাকীয়ে চপষ্টিকৰে ১ মিনিটত ৩৭টা ভাত খাই এই অভিলেখ ৰচনা কৰে।

উল্লেখ্য যে ১ মিনিটত ৩৭ টা ভাত খোৱাৰ ভিডিঅটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ফেচবুক পেজত ১ লাখ ৭৮ হাজাৰতকৈ অধিক বাৰ চোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আন এগৰাকী যুৱতী নুছৰত জাহান নিপাই এক মিনিটত চপষ্টিকৰে ২৭টা ভাত খোৱাৰ অভিলেখ গঢ়িছিল।

Related News