NORTHEAST NOW (Assamese)

ইন্ধন লিকেজৰ সন্দেহত গুৱাহাটীমুখী বিমানৰ জৰুৰী অৱতৰণ

February 26, 2020 6:07 pm · এন ই নাও নিউজ
Updated: February 26, 2020 6:08 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

স্পাইচজেটৰ গুৱাহাটীমুখী এখন বিমানৰ ইন্ধন লিকেজৰ সন্দেহত বুধবাৰে জৰুৰী অৱতৰণ কৰোৱা হয়।

মুম্বাইৰ পৰা ১৮৩ গৰাকী যাত্ৰী লৈ আহি থকা বিমানখনৰ পাইলটে কলকাতাৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰোৱায়

পুৱা প্ৰায় ৯ বজাত বিমানখনৰ অৱতৰণ কৰোৱা হৈছিল।

কলকাতাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ মন্তব্যৰে প্ৰকাশিত বাতৰিমতে সকলো যাত্ৰী নিৰাপদে আছে।

যাত্ৰীসকলক আন এখন বিমানযোগে গুৱাহাটীলৈ পঠোৱা হয়।

এক সূত্ৰৰ আধাৰত বাতৰিটোত প্ৰকাশ যে বিমানখনৰ ইন্ধনৰ পৰিৱৰ্তে পানীৰ টেংকিত লিকেজ হৈছিল।

Related News