NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ ৰহস্যজনক ‘আত্মহত্যা’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 4, 2021 5:26 pm

গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ব্যৱসায়ী অভিজিৎ গোস্বামীৰ মৃতদেহ নিজৰ শোৱনি কোঠাতে ৰহস্যজনক অৱস্থাত ওলমি থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শংকু দা নামেৰে জনপ্ৰিয় অভিজিৎ গোস্বামীৰ মৃতদেহ আজি মহানগৰীৰ চান্দমাৰীৰ নিজৰাপাৰৰ বাসভৱনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়।

প্ৰয়াত গোস্বামী গুৱাহাটীৰ অলংকাৰ হোটেলৰ স্বত্বাধিকাৰ আছিল আৰু তেওঁ বিশিষ্ট ব্যৱসায়ী ফণী শৰ্মাৰ জোঁৱাই আছিল।

অভিজিৎ গোস্বামীৰ পত্নী সম্প্ৰতি লণ্ডনত আছে আৰু স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁ ততাতৈয়াকৈ অসম অভিমুখে ৰাওনা হৈছে।

১৯৬০ চনত জন্মগ্ৰহণ কৰা অভিজিৎ গোস্বামীৰ পিতৃ আছিল প্ৰয়াত কমলা কান্ত গোস্বামী।

গুৱাহাটীৰ ডন বস্ক স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি অভিজিৎ গোস্বামীয়ে মেঘালয়ৰ শ্বিলঙলৈ উচ্চ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে গৈছিল।

প্ৰয়াত গোস্বামী মানসিক স্বাস্থ্য সম্পৰ্কীয় প্ৰতিষ্ঠান MIND India ৰ প্ৰতিষ্ঠাপক সদস্যৰ লগতে সম্পাদক আছিল।

এগৰাকী সমাজসেৱক হিচাবেও তেওঁ সকলোৰে মাজত পৰিচিত আছিল। মৃত্যুৰ সময়ত অভিজিৎ গোস্বামীয়ে পত্নীৰ লগতে দুই কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ মুৰব্বী ববিতা শৰ্মাই বিশিষ্ট ব্যৱসায়ী অভিজিৎ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।