NORTHEAST NOW (Assamese)

বানত বিধ্বস্ত মহানগৰ: কৃত্ৰিম বানে পানী খুৱাইছে মহানগৰবাসীক

June 14, 2022 10:56 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

মহানগৰীৰ অলিয়ে গলিয়ে কেৱল পানীয়ে পানী।কৃত্ৰিম বানৰ কবলত পৰি এতিয়া ককবকাইছে গুৱাহাটী মহানগৰে। মহানগৰ নহয় যেন এয়া মহাসাগৰ।

নিশাৰ পৰা দিয়া ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলেই এতিয়া বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে।

ৰাজপথ বাদেই, প্ৰায়বোৰ উপপথেই এতিয়া পানীৰ তলত। কি ৰাজগড়, কি অনিল নগৰ, কি নবীন নগৰ, কি ডাউন টাউন, কি চান্দমাৰী, কি ৰুক্মিণীগাঁও, কি নুনমাটি, কি বামুণী মৈদাম সকলোতে এতিয়া কেৱল পানীয়েই পানী।

কৃত্ৰিম বানৰ কবলত পৰিল গুৱাহাটী ৰে’লৱে ষ্টেচনো। ৰে’লৱে ষ্টেচনৰ কেউফালে পানীয়ে উপচি পৰাৰ ফলত অথন্তৰ লাগিছে বিভিন্ন স্থানলৈ যাত্ৰাৰ বাবে উপস্থিত হোৱা লোকৰ মাজত।

পূৰ্বৰ তুলনাত এই বৰ্ষত বৃদ্ধি পাইছে কৃত্ৰিম বানপানীৰ মাত্ৰা। পানীৰ তলত গুৱাহাটী মহানগৰ বুৰ গ’লে ঠিকেই কিন্তু এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে মহানগৰবাসীয়ে।

কৃত্ৰিম বানপানীৰ বাবেই নিজৰ বাহনখন লৈ গৃহৰ পৰা ওলাবলৈ দহবাৰ চিন্তা কৰিবলগীয়া হৈছে জনসাধাৰণে।

গুৱাহাটী পৌৰ নিগম বিজেপিৰ দখললৈ গ’ল ঠিকেই, কিন্তু পূৰ্বৰ তুলনাত কৃত্ৰিম বানপানী বৃদ্ধি পোৱাটোৱেই উদঙাইছে উন্নয়নৰ ঢাক কোবোৱা বিজেপি চৰকাৰৰ প্ৰকৃত কামৰ নমুনা।

Related News