NORTHEAST NOW (Assamese)

হ’ম ডেলিভাৰী যোগে কিনা মাংসত বিসংগতি থাকিলে দাখিল কৰিব পাৰিব অভিযোগ

April 18, 2020 5:02 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পশু ধন নিগমে বিক্ৰী কৰা মাংসৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে এতিয়াৰ পৰা মহানগৰবাসীয়ে ফোনযোগে দাখিল কৰিব পাৰিব অভিযোগ।

ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে বিভাগটোৱে। এই কথা আমাৰ সাংবাদিকক জানিবলৈ দিয়ে পশু ধন নিগমৰ অধক্ষ্য মনোজ শইকীয়াই।

মাংসৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে যোগাযোগ কৰিব পৰা নম্বৰকেইটা ক্ৰমে 7086053943, 9859007889, 9435294398 বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ছোৱাত কুকুৰা, ছাগলী ইত্যাদি মাংসৰ সোৱাদৰ পৰা বঞ্চিত হৈ আছিল মহানগৰবাসী।

তাৰ পাছতে মাংস ক্ৰয়ৰ বাবে যোগাযোগ নম্বৰ মুকলি কৰিছিল বিভাগটোৱে। খানাপাৰা নিয়ন্ত্ৰণ কক্ষৰ উপৰিও ছাগলী আৰু কুকুৰা মাংসৰ বাবে অন্য দুটা নম্বৰ মুকলি কৰিছে।

ছাগলী মাংসৰ বাবে যোগাযোগ কৰিব পাৰিব 8638546661, 7002243806। লগতে কুকুৰা মাংসৰ বাবে 9435045496 নম্বৰত যোগাযোগ কৰিব পাৰিব।

Related News