NORTHEAST NOW (Assamese)

সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ দাবী জনাই স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ

April 30, 2021 9:02 pm · কল্পজ্যোতি শইকীয়া
Updated: May 1, 2021 4:03 pm

আজি গুৱাহাটী প্ৰেছ ক্লাৱ কৰ্তৃপক্ষই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰদান কৰি সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।
পত্ৰত প্ৰথমে ৪৫ বছৰৰ উৰ্দ্ধৰ সকলো সাংবাদিককে কোভিড-১৯ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি লগতে উল্লেখ কৰি কয় ‘কোভিডৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি হৈ আহিছে। কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰতিগৰাকী সাংবাদিকে যুঁজ দি আহিছে। গতিকে আমি অনুভৱ কৰিছো যাতে পলম নোহোৱাকৈ সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে যেন।‘
শেহতীয়াকৈ নীলাক্ষী ভট্টাচাৰ্য্য, আয়ুস্মান দত্ত, ৰোহিত চাৰদানাকে ধৰি বহু সাংবাদিকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।
গতিকে সাংবাদিকৰ নিজৰ জীৱনৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি পত্ৰত উল্লেখ কৰি পত্ৰত লগতে কয় ‘সাংবাদিক সকলে কোভিডৰ বিৰুদ্ধে যুঁজখনত প্ৰথম শাৰীৰ যোদ্ধা হিচাপেই যুঁজ দি আহিছে।‘ সেয়েহে এই সময়ত চৰকাৰে সাংবাদিকৰ কোভিডৰ বিৰুদ্ধে যুঁজখনত গুৰুত্ব আৰু দায়িত্ব অনুধাৱন কৰিব লাগে।

সাংবাদিক অবিহনে ভয়াৱহ কোভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হোৱাটো অসম্ভৱ। গতিকে গুৱাহাটী প্ৰেছ ক্লাৱে সকলো বয়সৰে সাংবাদিকৰ ভেকচিন প্ৰদানৰ বাবে প্ৰয়োজনীয় কেম্প অনুষ্ঠিত কৰিবৰ বাবে ক্লাৱতে ব্যৱস্থা কৰি দিব বুলিও পত্ৰত উল্লেখ কৰে।

Related News