NORTHEAST NOW (Assamese)

চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা

December 9, 2022 11:07 am · নৰ্থ ইষ্ট নাও
Updated: December 9, 2022 11:10 am

চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ পৰা লাখ লাখ টকা। সোমবাৰে আমেৰিকাৰ গোপন সেৱাই এই চাইবাৰ আক্ৰমণৰ খবৰ দিয়ে।

সংবাদ সংস্থা ৰয়টাৰে এনবিচি নিউজত প্ৰকাশ কৰা বাতৰি অনুসৰি চোৰাংচোৱা কৰ্তৃপক্ষই কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই। অৱশ্যে চীনা হেকাৰৰ এই গোটটোক ‘APT41’ বা ‘Wintee’ বুলি জনা যায়। এই ভয়ংকৰ চাইবাৰ আক্ৰমণকাৰী গোটটোৱে বিগত সময়ত বিভিন্ন চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰি ধন চুৰিকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে বুলি জানিবলৈ দিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৱে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ন্যায় বিভাগে চীনৰ হেকাৰ গোটৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে ২০১৯ আৰু ২০২০ চনত চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছিল। চীনে টেলিকমিউনিকেচন, ভিডিঅ’ গেম, চফটৱেৰ ডেভেলপমেণ্ট, ছ’চিয়েল মিডিয়া ফাৰ্মকে ধৰি শতাধিক কোম্পানীত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই।

সেই সময়ত আমেৰিকাৰ প্ৰাক্তন ডেপুটি এটৰ্নী জেনেৰেল জেফ্ৰি ৰ’জেনে কৈছিল যে হেকাৰে বিভিন্ন দেশৰ কম্পিউটাৰ হেক কৰি তথ্য চুৰি কৰি আহিছে আৰু এই কামটোৰ লগত জড়িত আছে চীনৰ চৰকাৰ। সেইবাবেই দেশৰ কমিউনিষ্ট চৰকাৰে চাইবাৰ আক্ৰমণকাৰীক সমৰ্থন কৰিছে বুলি আমেৰিকাৰ চোৰাংচোৱাই জানিবলৈ দিছে।

Related News