NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়াত আঘাতত জুৰুলা ভাৰতীয় দল; বুমৰাহৰ পাছত এইবাৰ হনুমা বিহাৰী বাহিৰ দলৰ পৰা

January 12, 2021 7:05 pm · এন ই নাও নিউজ

অষ্ট্ৰেলিয়াৰ মাটিত আঘাতত জুৰুলা ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক দুঃসংবাদ কঢ়িয়াই দলৰ পৰা বাহিৰ হৈছে মিডল অৰ্ডাৰ বেটছমেন হনুমা বিহাৰী।

তৃতীয় টেষ্টত বেটিং কৰি থকাৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভূগি থকা হনুমা বিহাৰীয়ে চতুৰ্থ তথা অন্তিমখন টেষ্টত ভাৰতীয় দলৰ হৈ অংশ ল’ব নোৱাৰাটো নিশ্চিত হৈছে।

তৃতীয় টেষ্টৰ হিৰো হনুমা বিহাৰীৰ আঘাত ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত ৰূপে বিবেচিত হৈছে।

ইপিনে, তৃতীয় টেষ্টত আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাডেজা আৰু জাচপ্ৰীত বুমৰাহো চতুৰ্থ টেষ্টৰ পৰা বাহিৰ হৈছে।

ভাৰতৰ চলিত অষ্ট্ৰেলিয়া ভ্ৰমণত বুমৰাহ, মহম্মদ চামী, উমেশ যাদৱ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাডেজা, হনুমা বিহাৰী আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হৈছে।

আনহাতে, স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিন, মিডল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰা, অপেনিং বেটছমেন মায়াংক আগৰৱালো বৰ্তমান আঘাতৰ সৈতে যুঁজি আছে।

Related News