NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ নকৰাত বিচিচিআইক সমালোচনা হৰভজন সিঙৰ

October 28, 2020 7:06 am · এন ই নাও নিউজ
হৰভজন সিং।

আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় ক্ৰিকেট দলত সূৰ্য্যকুমাৰ যাদৱ আৰু অক্ষৰ পেটেলক স্থান লাভ নকৰাৰ পাছত বিচিচিআইক সমালোচনা কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে।

হৰভজন সিঙে মুম্বাইৰ মিডল অৰ্ডাৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱক দল নিৰ্বাচন সমিতিয়ে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান নিদিয়াৰ পাছতে সমালোচনা কৰে।

‘‘মই নাজানো ভাৰতীয় দলত স্থান লাভৰ বাবে সূৰ্য্যকুমাৰ যাদৱে কি কৰিব লাগিব। প্ৰতিবছৰে সূৰ্য্যকুমাৰ যাদৱে আই পি এল আৰু ৰঞ্জি ট্ৰফীত ৰান সংগ্ৰহ কৰি আহিছে,’’ হৰভজন সিঙে কয়।

হৰভজন সিঙে লগতে নিৰ্বাচক সমিতিক সূৰ্য্যকুমাৰ যাদৱৰ অভিলেখ পৰ্যালোচনা কৰি চোৱাৰ বাবেও অনুৰোধ কৰে।

হৰভজন সিঙৰ লগতে ক্ৰিকেট অনুৰাগীয়ো বিচিচিআইৰ দল নিৰ্বাচন সমিতিক সমালোচনা কৰে।

প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জকাৰে আই পি এলৰ প্ৰদৰ্শনৰ ভিত্তিত টেষ্ট দলত কে এল ৰাহুলক নিৰ্বাচন কৰাৰ বাবে বিচিচিআইক সমালোচনা কৰে।

Related News