NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপত অধিক সবল হৈছে সমকামিতাৰ সপক্ষে প্ৰচাৰ, প্ৰচাৰত নামিছে খেলুৱৈয়ো

November 21, 2022 4:24 pm · এন ই নাও নিউজ,গুৱাহাটী

সমকামিতাক বৈধতা প্ৰদানৰ বাবে বিশ্বৰ বিভিন্ন দেশত অব্যাহত আছে প্ৰতিবাদ। এনে সময়তে সমকামিতাৰ প্ৰসংগকলৈ কাটাৰত ইনুষ্ঠিত ফিফা বিশ্বকাপত ব্যাপক আলোচনা হৈছে। কাটাৰত সমকামিতা অবৈধ।

ইয়াৰ মাজতে একাংশ দেশৰ খেলুৱৈয়ে সমকামিতাৰ সপক্ষে আৰ্মবেণ্ড পিন্ধিব বুলি কৰা ঘোষণাই এতিয়া চিন্তিত কৰি তুলিছে ফিফাক। বিশ্বকাপত আজি ইংলেণ্ডে প্ৰথমখন খেল ইৰাণৰ বিৰুদ্ধে খেলিব।

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে ইয়াৰ মাজতে সমকামিতাৰ সপক্ষে আৰ্মবেণ্ড পিন্ধি খেলত অংশ ল’ব বুলি কৰা ঘোষণাই বহুতকে শলঠেকত পেলাইছে। তেনে কৰিলে কেনক গ্ৰেপ্তাৰকৰা হ’ব পাৰে বুলি বহুতে আশংকা কৰিছে।

ইংলেণ্ড, নেডাৰলেণ্ড, ফ্ৰান্স, ডেনমাৰ্ক, বেলজিয়াম, জাৰ্মানী, চুইডেন, নৰৱে, চুইজাৰলেণ্ড আৰু ৱেলছে সমকামিতাক সমৰ্থন কৰি আহিছে আৰু এইদেশসমূহৰ বহু খেলুৱৈয়ে এইবাৰ বিশ্বকাপত সমকামিতাৰ সপক্ষে আৰ্মবেণ্ড পিন্ধিব বুলি ঘোষণা কৰিছে।

ফিফাই ইতিমধ্যে ফুটবল এছ’চিয়েশ্যনক (এফএ) জনাইছে যে নিয়ম অনুসৰি কোনো খেলুৱৈয়ে সেই বিশেষ আৰ্মবেণ্ড পিন্ধিব নোৱাৰিব।

যদি পিন্ধে তেনে খেলুৱৈক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও জানিব পৰা গৈছে।
ইংলেণ্ডৰ দৰেই নেডাৰলেণ্ডৰ অধিনায়ক ভাৰ্জিল ভান ডিজকেও খেলত সমকামিতাৰ সপক্ষে আৰ্মবেণ্ড পিন্ধিব বুলি প্ৰকাশ কৰিছে।

Related News