NORTHEAST NOW (Assamese)

চীনত ২০১৯ৰ আগষ্টতে ক’ৰ’নাৰ সংক্ৰমণ হৈছিল; হাভাৰ্ড মেডিকেল স্কুলৰ গৱেষকৰ বিস্ফোৰক দাবী

June 9, 2020 5:35 pm · এন ই নাও নিউজ
Updated: June 9, 2020 5:36 pm

চীনত ক’ৰ’না ভাইৰাছৰ ২০১৯ চনৰ আগষ্ট মাহৰ পৰাই সংক্ৰমণ ঘটিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি আগবঢ়াইছে হাভাৰ্ড মেডিকেল স্কুল ৰিচাৰ্ছৰ গৱেষকৰ এটা দলে।

চেটেলাইট আলোকচিত্ৰৰ আধাৰতে গৱেষকৰ দলটোৱে এই তথ্য সংগ্ৰহ কৰিছে বুলি লগতে জনায়।

হাভাৰ্ডৰ গৱেষকৰ দলটোৱে উচ্চ ক্ষমতাযুক্ত চেটেলাইট আলোকচিত্ৰ ব্যৱহাৰ কৰি য়ুহানৰ লগতে বিভিন্ন চিকিৎসালয়ৰ চৌহদৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছে।

হাভাৰ্ড মেডিকেল ৰিচাৰ্ছৰ গৱেষকৰ দলটোৰ এই দাবী শুদ্ধ বুলি প্ৰমাণিত হ’লে পুনৰ বিপদত পৰিব পাৰে চীন।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি স্পেইন, জাপান, অষ্ট্ৰেলিয়া আদি শক্তিশালী দেশে চীনক ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দোষাৰোপ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাকো এইক্ষেত্ৰত দোষাৰোপ কৰিছে।

জাপানে বহু পূৰ্বেই বিশ্ব স্বাস্থ্য সংস্থাক য়ুহান স্বাস্থ্য সংস্থা হিচাপে নামাকৰণ কৰিব লাগে বুলি সমালোচনা কৰিছিল।

Related News