NORTHEAST NOW (Assamese)

লাভ জেহাদ : হাৰিয়ানাৰ বিধানসভাত উত্থাপিত হ’ব নতুন বিল

February 27, 2021 4:24 pm · এন ই নাও নিউজ

হাৰিয়ানাৰ বিধানসভা অধিৱেশনৰ বাজেট অধিৱেশনত বলপূৰ্বক ধৰ্মান্তৰকৰণ তথা ‘লাভ জেহাদ’ৰ বিৰুদ্ধে ৰাজ্যখনৰ বিজেপি চৰকাৰে এখন বিল দাখিল কৰিব।

ইয়াৰপ উপৰিও কৃষক আন্দোলনত ক্ষতি হোৱা ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিসমূহ পুনৰ নিৰ্মাণৰ বাবেও আন এখন বিলৰ উপস্থাপন কৰিব।

বৃহস্পতিবাৰে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল বিজে এই কথা সদৰী কৰিছে।

তেওঁ এটা বিবৃত্তিত কয় যে যিসকলে শক্তি প্ৰদৰ্শন কৰি অথবা বৈবাহিকভাৱে কাৰোবাক ধৰ্মান্তৰকৰণ কৰে, তেনেহ’লে এই আইনখনৰ দ্বাৰা কঠোৰ ব্যৱস্থা লোৱা হ’ব।

আনহাতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি পুনৰ্নিৰ্মাণ আইখনৰ দ্বাৰা এবছৰৰ ভিতৰত লাঘু হ’ব বুলিও গৃহমন্ত্ৰীজনে জনায়।

Related News