NORTHEAST NOW (Assamese)

মাউণ্ট আবুৰ নাম সলনি হৈছে নেকি? মদ আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ

May 6, 2025 1:57 pm · এন ই নাও নিউজ, গুৱাহাটী

মাউণ্ট আবুৰ নাম সলনি হৈছে নেকি? সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজস্থান চৰকাৰে এইধৰণৰ সিদ্ধান্ত লবলৈ ওলাইছে। ‘টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি এই খবৰ পোহৰলৈ অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ আৰু বিক্ষোভ। ২৩টা সংগঠনে ৰাজপথলৈ ওলাই আহি এই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ দাবী, পৰ্যটকৰ চিনাকি মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহব।

সূত্ৰ অনুসৰি মাউণ্ট আবুৰ নাম সলনিৰ বাবে স্থানীয় প্ৰশাসনিক পৰ্যায়ত দীৰ্ঘদিন ধৰি আলোচনা চলি আহিছে। আবু পৰ্বতৰ এটা নামো প্ৰস্তাৱ কৰা হৈছে। নাম সলনি হলে নতুন নাম হব ‘আবু ৰাজ তীৰ্থ। সূত্ৰ অনুসৰি কেৱল নাম সলনি কৰাই নহয়, মাউণ্ট আবুৰ সমীপত মদ আৰু নিৰামিষ খাদ্যও নিষিদ্ধ কৰা হব। ২০২৪ চনৰ অক্টোবৰ মাহত স্থানীয় প্ৰশাসনিক পৰ্যায়ত নাম সলনি কৰাৰ ধাৰণাটো আলোচনা কৰা হয়।

প্ৰতিবেদন অনুসৰি স্থানীয় স্বশাসন বিভাগেও ২৫ এপ্ৰিলত এই সন্দৰ্ভত মাউণ্ট আবু পৌৰসভালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।পত্ৰখনত নাম সলনি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক। হোটেলকে ধৰি কেইবাটাও সংস্থাই অভিযোগ কৰে যে ইয়াক মাউণ্ট আবু হিচাপে পৰ্যটকৰ মাজত অধিক জনপ্ৰিয়। নামটো সলনি কৰিলে ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাব। স্থানীয় ৰাইজৰ অভিযোগ যে মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে স্থানীয় বিধায়ক আৰু মন্ত্ৰীৰ সমৰ্থন আছে। সূত্ৰ অনুসৰি বিধানসভাৰ এজন বিধায়কে মাউণ্ট আবুৰ নাম সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

বহু স্থানীয় লোক আৰু হোটেল মালিকে দাবী কৰে যে মাউণ্ট আবুৰ এক সুকীয়া পৰিচয় আছে। ৰাজস্থানৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলীৰ নাম সলনি কৰিলে পৰ্যটন ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে। মাউণ্ট আবু হোটেল এছচিয়েশ্যনৰ সম্পাদক সৌৰভ গংগাদিয়াই কয় যে যদি চৰকাৰে মাউণ্ট আবুৰ নাম সলনি কৰে তেন্তে ইয়াৰ পৰ্যটন ব্যৱসায়ৰ পতন ঘটিব। ইয়াৰ উপৰিও মদ আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ চলি থকা ধাৰণাটোৱে পৰ্যটনতো প্ৰভাৱ পেলাব।

Related News