NORTHEAST NOW (Assamese)

যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হাউলী আৰক্ষী; এক ঘন্টাত প্ৰায় ত্ৰিশ হাজাৰ টকা জৰিমনা সংগ্ৰহ

January 14, 2020 8:02 am · আনিচুজ জামান
হাউলী আৰক্ষীৰ অভিযান

ৰাজ্যত নতুন যান বাহন আইন বলবৎ হোৱাৰ পিছৰে পৰাই আৰক্ষী আৰু পৰিবহন বিভাগে জনসাধৰণক পথ সুৰক্ষাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যে পাৰ্যমানে চেষ্টা চলাই আহিছে ।

এইক্ষেত্ৰত যান-বাহন সম্পৰ্কে কেন্দ্ৰই কঠোৰ আইন প্ৰযোজ্য কৰিলেও জনসাধাৰণ নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ হোৱা পৰিলক্ষিত হোৱা নায়।

এতিয়াও প্ৰায় বোৰ  ব্যক্তিয়ে নথি-পত্ৰ অবিহনে গাড়ী-মটৰ চলাই যান-বাহন  আইন উলংঘা কৰি অহা দেখা গৈছে।

যান-বাহন আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে সোমবাৰে কঠোৰ হৈ পৰা দেখা গ’ল হাউলী আৰক্ষীক।

কলেজীয়া শিক্ষাৰ্থী, পুৰুষ তথা মহিলাকে ধৰি সকলোৰে বাবে যান-বাহন আইন মানি চলাটো এক দায়িত্ব সেই সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰি হাউলী আৰক্ষীয়ে সোমবাৰে যান-বাহন আইন ভংগকাৰী সকলক নতুন যান-বাহন আইন অনুসৰি জৰিমনা বিহে।

জানিব পৰা মতে, আৰক্ষীয়ে যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে সোমবাৰে অভিযান চলাই এক ঘণ্টাত প্ৰায় ৩০,০০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Related News