NORTHEAST NOW (Assamese)

হতাশ বিৰাটক সাৱটি ধৰিলে অনুষ্কাই : আলিংগনৰো আছে অনেক উপকাৰিতা, জানিলে হ’ব আচৰিত

November 22, 2023 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 21, 2023 8:05 pm

একেৰাহে ৯খন মেচত জয়লাভ কৰাৰ পাছত বিশ্বকাপৰ ফাইনেলত পৰাজিত হ’ল ভাৰত। দেশৰ মাটিত বিশ্বকাপ জয়ৰ সপোন ভগ্ন হ’ল ভাৰতৰ। ভাৰতৰ স্বপ্ন ভগ্ন কৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বকাফ ট্ৰফী কাঢ়ি নিলে আষ্ট্ৰেলিয়াই।

দেওবাৰে ভাৰতৰ পৰাজয়ৰ পিছত সমগ্ৰ ষ্টেডিয়ামতে এক কৰুণ পৰিস্থিতিৰ সৃষ্টি হয়। বিশ্বজয়ৰ সপোন ধূলিসাৎ হোৱাত আন আন খেলুৱৈ সকলৰ লগতে ভাগি পৰে বিৰাট কোহলী। আৱেগিক কোহলীক সাৱটি ধৰে পত্নী অনুষ্কা শৰ্মাই। পত্নীৰ বুকুৰ মাজত যেন দুখ পাতলালে বিৰাট কোহলীয়ে। ইতিমধ্যে আৱেগিক মুহূৰ্তৰ সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আপোনজনেই হওক বা বন্ধু-বান্ধৱীয়েই হওক, ইজনে সিজনৰ প্ৰতি মৰম প্ৰকাশ কৰাৰ অন্যতম উপায় হ’ল আলিংগন। গৱেষণাৰ পৰা দেখা গৈছে যে কেৱল মাত্ৰ আৱেগ প্ৰকাশৰেই উপায় নহয় আলিংগন। ইয়াৰ জৰিয়তে মগজুৰ পৰা এক প্ৰকাৰৰ হৰম’ন নিৰ্গত হয়, যিটো হৰমন মানসিক চাপ হ্ৰাস কৰাত অতি ফলপ্ৰসূ। আলিংগনে মনলৈ শান্তি আনে। 

আলিংগনৰ আন কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লও আহক- 

গৱেষণাৰ পৰা দেখা গৈছে যে আলিংগনে প্ৰেমৰ হৰম’ন মুক্ত কৰি মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

ঘনিষ্ঠ বন্ধু বা আপোনজনক সাৱটি ধৰিলে অক্সিট’চিন বা ‘প্ৰেম হৰম’ন’ নিৰ্গত হয়। ইয়াৰ ফলত মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে আৰু মগজু শান্ত হৈ থাকে।

আপোনজনৰ স্পৰ্শই মনলৈ শান্তি আৰু নিৰাপত্তাৰ অনুভূতি আনে। সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰে। মানসিক চাপ কমায়। 

এটা উষ্ণ আলিংগনে কৰ্মক্ষেত্ৰত কৰ্মৰ হেঁচা, উত্তেজনা, পৰিয়ালৰ হেঁচা আদি বোজা নোহোৱা কৰি দিব পাৰে।

বহু সময়ত অজ্ঞাত কাৰণত উদ্বিগ্নতাও বৃদ্ধি পায়। গতিকে আপোনজনক সাৱটি ধৰিবলৈ সুযোগ পালে এনে উদ্বিগ্নতা হ্ৰাস পায়।

আনকি আলিংগনে ভয় কমোৱাতো সহায় কৰিব পাৰে।

Related News