NORTHEAST NOW (Assamese)

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

January 16, 2021 8:41 pm · এন ই নাও নিউজ

কামৰূপ মহানগৰ জিলাৰ ৩ খন চিকিৎসালয়ত শনিবাৰৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ টীকাকৰণ অভিযান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী হাস্পতালত টীকাকৰণ অভিযান আৰম্ভ  কৰা হয়।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পাছতেই স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পূৰ্বে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ  প্ৰধান সচিব সমীৰ সিনহা, প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডা° লক্ষ্মণন এছ, কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি  স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল।

ৰাজ্যৰ প্ৰথম তিনিটা প্ৰতিষেধক প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডা° উমেশ চন্দ্ৰ শৰ্মা, ডা° ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী ডা° ইলিয়াছ আলীক।

প্ৰতিটো কেন্দ্ৰত দৈনিক ১০০ জনকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ প্ৰথম পৰ্যায়ত চিকিৎসক-চিকিৎসাকৰ্মী, দ্বিতীয় পৰ্যায়ত আৰক্ষী-নিৰাপত্তাৰক্ষীকে ধৰি ফ্ৰণ্টলাইন কৰ্মী সকল আৰু তৃতীয় পৰ্যায়ত পঞ্চাশ উৰ্ধৰ আৰু পঞ্চাশৰ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অহা ৩ মাহৰ ভিতৰত ৩ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাই।

ক’ভিড ভেকচিনৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব। ১৮ বছৰৰ অনুৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক এই প্ৰতিষধক দিয়া নহ’ব। সেইদৰে, এলাৰ্জীৰ সমস্যা থকা লোককো ক’ভিড ভেকচিন দিয়া নহ’ব।

প্ৰথম প্ৰতিষেধক লোৱাৰ ২৮ দিনৰ ভিতৰত দ্বিতীয় প্ৰতিষেধক দিয়া হ’ব। দ্বিতীয়টো ড’জ লোৱাৰ ১৪ দিনৰ পাছত দেহত ক’ভিধ-প্ৰতিৰোধী এণ্টিবডী গঢ়ি উঠিব বুলি কোৱা হৈছে।

Related News