NORTHEAST NOW (Assamese)

কাজিৰঙাৰ এনিমেল কৰিড’ৰত ট্ৰাক, টেংকাৰ আৰু টেইলৰৰ পাৰ্কিং নিষিদ্ধ জিলা উপায়ুক্তৰ

December 4, 2019 2:02 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ সৰ্বোচ্চ ন্যায়লয়ত চেন্ট্ৰেল এমপাৱাৰ্মেণ্ট কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ উদ্ধিতৃৰে গোলাঘাটৰ জিলা উপায়ুক্তই কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কিছু অংশত আজিৰে পৰা সকলোবোৰ গধুৰ যান-বাহন ৰখোৱাতো নিষিদ্ধ কৰিছে৷

কাজিৰঙাৰ ‘এনিমেল কৰিডৰ’ত যান-বাহনৰ বাবে বন্যপ্ৰাণী সমূহে সন্মুখিন হৈ অহা বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই আজি ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা অনুসৰী জি এম জে ১০/২০০৬-১১/৭৪ নম্বৰ নিৰ্দেশ যোগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে পথছোৱাত ন’ পাৰ্কিং জ’ন হিচাবে চিনাক্ত কৰি ট্ৰাক, টেংকাৰ আৰু টেইলাৰ ৰখোৱা বন্ধ কৰা বুলি ঘোষণা কৰিছে৷

এই নিৰ্দেশৰ পাচতেই বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰিলৈকে থকা ৩৭ নং ৰাষ্ট্ৰীয় পথছোৱাৰ দুষোকাষে ট্ৰাক, টেংকাৰ বা টেইলাৰৰ দৰে গধুৰ যান-বাহন ৰখাব নোৱাৰিব৷

উল্লেখযোগ্য যে, চেন্ট্ৰেল এমপাৱাৰ্মেণ্ট কমিটিৰ প্ৰতিবেদনত এই পথছোৱাত আৱৰ্জনা পেলাই বা গাড়ী পৰিস্কাৰ কৰি এনিমেল কৰিড’ৰৰ লগতে সমীপেৰে বৈ যোৱা ডিফলু নদী প্ৰদূষিত কৰা বুলিও উল্লেখ কৰা হৈছে৷

মনকৰিব লগীয়া যে বোকাখাত পৌৰসভাই নগৰৰ আৱৰ্জনা সমূহ দীৰ্ঘ দিনৰে পৰাই ডিফলু নদীৰ পাৰত পেলাই আহিছিল৷

ডিফলু নদী কাজিৰঙাৰ মাজেৰে বৈ গৈ বুঢ়াপাহাৰ অঞ্চলত কাজিৰঙাত পৰিছে৷

Related News