দুধনৈৰ মাজ-জাখিলীত বন্যহস্তীয়ে খাই তহিলং কৰিছে খেতি; মূৰে-কপালে হাত দিছে কৃষকে
দুধনৈৰ মাজ-জাখিলীত এতিয়া মূৰে-কঁপালে হাত দিছে কৃষকে ৷ বাৰিষা বহু কষ্টৰে কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতিৰ গেঁৰ ওলাবলৈ ধৰিছিল হে মাথোঁ, বন্যহস্তীৰ জাকে প্ৰতিনিশাই খাই তহিলং কৰিছে কৃষকৰ খেতি ৷
বন বিভাগৰ অবিহনে ফটকা ফুটাই, দা, লাঠী লৈ হাতী খেদাৰ ব্যৰ্থ চেষ্টাৰে সময় পাৰ কৰিছে ৰাইজে৷
সন্ধিয়া হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা গ্ৰামাঞ্চল আৰু পথাৰলৈ গতি কৰে হাতীৰ জাকটোৱে ৷ সেউজীয়া হ’বলৈ ধৰা খেতিয়কৰ গেঁৰ ওলোৱা ধান খাই ওৰে নিশা পথাৰতে কটায় হাতীৰ জাকটোৱে৷
হাতত টৰ্চ লাইট লৈ নিশা বহু কষ্টৰে কৰা ধান খেতিবোৰ হাতীয়ে খোৱা কেৱল চাইহে থাকিব ল’গা হৈছে কৃষক সকল ৷
কৰ’না পৰিৱেশত ইতিমধ্যে বহু কৃষকে পেটৰ ভাতমুঠিৰ বাবে চিন্তা কৰিব লগা হৈছে, তাৰ মাজতে ভুতৰ ওপৰত দানহ পৰা দি বন্যহস্তীৰ এটা বৃহৎ জাকে এফালৰ পৰা খাই তহিলং কৰিছে খেতি ৷
এনেদৰে চকুৰ সমুখতে নিজৰ খেতি ডৰা বন্যহস্তীয়ে তহিলং কৰা দৃশ্য দেখি হতাশাত ভূগিছে খেতিয়কসকল ৷ ওৰে নিশা বিনীদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷
পাহিদল, শিলৰবড়ী আৰু বাৰিগাওঁ নামৰ এই তিনিখন গাঁৱত এতিয়া সন্ধিয়া হ’লেই হাতীৰ আতংকত সন্ত্ৰাসিত হৈ পৰে স্থানীয় ৰাইজ ৷