NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ অগ্নিকাণ্ড সম্পৰ্কত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দাখিল কেন্দ্ৰীয় চৰকাৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2021 4:09 pm
বাঘজানৰ অগ্নিকাণ্ড সম্পৰ্কত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দাখিল কেন্দ্ৰীয় চৰকাৰক

বাঘজানৰ তৈল খাদত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে।

তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এই কথা জানিবলৈ দিয়ে।

বাঘজানৰ তৈল খাদত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ড সন্দৰ্ভত বিগত ১১ জুনত এখন তিনিজনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছিল আৰু বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত এই সমিতিখনক তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

কেন্দ্ৰীয় তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে বুলি ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত কয়।

অ’ এন জি চিক উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে নিৰ্দেশ দিছে।

উল্লেখ যোগ্য যে, ২০২০ বৰ্ষৰ ২৭ মে’ৰ পৰা বাঘজানৰ তৈল খাদত গেছ আৰু তেল নিৰ্গত হ’বলৈ আৰম্ভ কৰিছিল।

ইয়াৰ পিছতে বিগত বছৰৰ ৯ মে’ত বাঘজানৰ তৈল খাদত জুই লাগি সমগ্ৰ বাঘজান গাঁওখনকে ছাই কৰি পেলায়।

বিশেষজ্ঞ সকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত সুদীৰ্ঘ ১৭২ দিনৰ অন্তত বাঘজানৰ অগ্নিকাণ্ড সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছিল।

ইফালে গাঁওখন জুইয়ে ছাই কৰাৰ পিছৰে পৰা সমগ্ৰ গাঁওবাসীয়ে অস্থায়ী শিবিৰতে আছিল।