NORTHEAST NOW (Assamese)
অসম

অহা ১ মাৰ্চত অসমত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2021 4:19 pm
Rajya-Sabha-election-1140x570

ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সদৰী কৰে যে অসমত বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পাছত খালী হোৱা ৰাজ্যসভাৰ আসনখন পূৰণ কৰাৰ বাবে অহা ১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।

অসমৰ ৰাজ্যসভাৰ আসনখন যোৱা ২০২০ৰ ২১ নৱেম্বৰৰ পৰা খালী হৈ আছে। এই সাংসদ পদটোৰ কাৰ্যকাল অহা ২০২৬ৰ ৯ এপ্ৰিলত সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগৰ এক বিবৃতিত কোৱা হয় যে উপ-নিৰ্বাচনটোৰ বাবে অহা ১১ ফেব্ৰুৱাৰিত জাননী জাৰি কৰা হ’ব।

অহা ১৮ ফেব্ৰুৱাৰিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৯ ফেব্ৰুৱাৰিত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব।

সেইদৰে, ২২ ফেব্ৰুৱাৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈকে ভোটদান অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে অহা ৩ মাৰ্চত ভোটগণনা কৰা হ’ব।

গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াৰ বাবে নিৰ্বাচন আয়োগে বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে।

কোভিড-১৯ৰ বিধি অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনাটোত কোৱা হৈছে।