NORTHEAST NOW (Assamese)

অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে বিচাৰিছে জনসাধাৰণৰ মতামত

August 21, 2019 10:10 pm · শান্তনু শইকীয়া
Updated: August 22, 2019 2:24 pm

অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে আজি ইয়াৰ অন্তৰ্গত চাৰিটা মূল বিষয়ত অসমৰ ৰাইজৰ মতামত বিচাৰি আহ্বান জনাইছে।

সমিতিখনে ৰাইজৰ মতামত বিচৰা মূল বিষয় চাৰিটা হ’ল ক্ৰমে-

১) লোকসভা, বিধানসভাত ভূমিপুত্ৰ খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ।

২) অসমীয়া ভাষাৰ সংৰক্ষণ।

৩) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিভাগসমূহত খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে আসন সংৰক্ষণ।

৪) অসমীয়া জাতিৰ সামাজিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ।

৫) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্য সুৰক্ষা সংৰক্ষন তথা প্ৰসাৰৰ বাবে ল’বলগীয়া অন্যান্য ব্যৱস্থা।

বুধবাৰে নৰ্থ-ইষ্ট নাওক এই কথা জানিব দিয়ে মুখ্য পৰামৰ্শ দাতা সমিতিৰ সদস্য লুৰিণজ্যোতি গগৈয়ে।

বিভিন্ন দল, সংগঠনৰ লগত ব্যক্তিগত ভাৱেও অসমৰ জনসাধাৰণে এই সম্পৰ্কত মতামত দাখিল কৰিব পাৰিব বুলি গগৈয়ে উল্লেখ কৰি মতামত সমূহ ২০ ছেপ্তেম্বৰৰ ভিতৰত পঠাবলৈ অনুৰোধ জনায়।

মতামত সমূহ নিজে আহি অথবা ইমেইল যোগেও দিব পাৰিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

আনহাতে, প্ৰশাসনিক বিষয়া পি পি কাঠকটীয়াই পৰামৰ্শদাতা সমিতিখনৰ নডেল বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।

লিখিতভাৱে মতামত পঠিয়াবলৈ ঠিকনা- অধ্যক্ষ, অসম চুক্তিৰ ৬ নং দফাৰ সম্পৰ্কীয় উচ্চ পৰ্য্যায়ৰ সমিতি, অসম চুক্তি ৰূপায়ণ বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানখানাপাৰা ,গুৱাহাটী-৭৮১০২২।

ই মেইল যোগে পঠিয়াবলৈ- Imple.assamaccord@gmail.com  ppkathkotia@gmail.com

Related News