NORTHEAST NOW (Assamese)
অসম

অসমীয়াত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ দৌৰ ৰাণী হিমা দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2019 10:41 am
tampere-world-finland-india-celebrates-iaaf-championships_c5ffdaac-8692-11e8-a662-45bbb3f001dc

আজি ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত ৭০ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় দৌৰ ৰাণী হিমা দাস।

নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ ছাত্ৰী হিমা দাসে অসমীয়া বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৩৮৯ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

আনহাতে, পৰীক্ষাৰ ফলাফল লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে হিমা। তেওঁ ভবিষ্যত উচ্চ শিক্ষা দিল্লীত থাকিয়ে আগবঢ়াই নিয়াৰ ইচ্ছা ব্যক্ত কৰে।

হিমাই ইংৰাজীত ৬৩,অসমীয়াত ৮৪, ঐশ্বিক অসমীয়াত ৬০, ৰাজনীতি বিজ্ঞানত ৭৫, শিক্ষাত ৬৭ আৰু ভূগোলত ৪৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ যোগ্য যে, বৰ্তমান অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকা হিমাই পাটিয়ালাৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আহি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত হিমাই শিক্ষাগুৰু সকলক তেওঁলোকে কৰা সহায়ৰ বাবে প্ৰথমে কৃতজ্ঞতা জ্ঞাপন কৰিছিল। হিমাৰ শিক্ষকসকলে পাটিয়ালালৈ হিমাৰ বাবে প্ৰয়োজনীয় কিতাপ পত্ৰ ইয়াৰ পৰা পঠিয়াই দিছিল যাতে তেওঁ ব্যস্ততাৰ মাজতো ভালদৰে পঢ়া শুনা আগবঢ়াই নিব পাৰে।

ৰাণিং ট্ৰেকত সদাই পদক দখল কৰিবলৈ হোৱা দূৰন্ত দৌৰবিদ হিমাৰ সাফল্যত ধিং এইবাৰ খেলত পদক দখল কৰাৰ বাবে নহয় পৰীক্ষাৰ ফলাফলৰ বাবেহে উৎসৱমুখৰ হৈ পৰিছে।