NORTHEAST NOW (Assamese)

হিমাচল প্ৰদেশত পাহাৰৰ পৰা হঠাতে নামি অহা শিল-মাটিয়ে ধ্বংস কৰিলে দলং,৯ পৰ্যটক নিহত,শিহৰণকাৰী ভিডিঅ’

July 25, 2021 8:02 pm · এন ই নাও নিউজ
Updated: July 25, 2021 8:03 pm

প্ৰকৃতিৰ ৰম্যভূমি হিমাচল প্ৰদেশত আজি সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

পাহাৰৰ পৰা হঠাতে নামি অহা শিল-মাটিয়ে এখন দলং ধ্বংস কৰি পেলোৱাৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত সৃষ্টি কৰে মহাসংহাৰৰ।

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ বাতছেৰি নাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

ভয়ংকৰ ভূমিস্খলনৰ পিছতে আইটিবিপিৰ জোৱানে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এতিয়ালৈকে ৯ গৰাকী পৰ্যটকৰ মৃতদেহ উদ্ধাৰ হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে পৰস্থিতি পৰ্যবেক্ষণ কৰিছে আৰু যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই যাবলৈ নিৰ্দেশ দিছে।

https://www.youtube.com/watch?v=w4GZwquxsTQ

আজি কিন্নৌৰৰ দলং খনৰ ওপৰেৰে ১২ গৰাকী পৰ্যটকে গৈ থকাৰ সময়তে উক্ত অঘটনটো সংঘটিত হয়।

পাহাৰৰ ওপৰৰ পৰা বাগৰি অহা ডাঙৰ ডাঙৰ শিলে নিমিষৰ ভিতৰতে দলং খন ভাঙি পেলায়।

কিন্নৌৰৰ আৰক্ষী অধীক্ষক সঞ্জুৰাম ৰাণাই প্ৰকাশ কৰা মতে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।

আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।নিহত পৰ্যটক কেইগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Related News