NORTHEAST NOW (Assamese)

তিতাবৰত ৰাইজৰ ক্ষোভৰ সন্মুখীন মন্ত্ৰী হিমন্ত

April 3, 2019 1:04 pm · এন ই নাও নিউজ
Updated: April 5, 2019 3:38 pm
২ এপ্ৰিলত মৰিয়নিত এখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা। ফটো : য়ু বি।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ক্ষোভৰ সন্মুখীন হয়।

২ এপ্ৰিলত তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰহোলা চাহ বাগিচাৰ খেলপথাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা আছিল আৰু তালৈ যাওঁতে মন্ত্ৰী হিমন্তই বাগিচাখনত কিছুদিন পূৰ্বে বিষাক্ত চুলাই খাই মৃত্যু হোৱা লোকসকলৰ দুৰ্ভগীয়া আত্মীয়ৰ কৰুণ আহ্বানৰ সন্মুখীন হ’ব লগীয়া হয়।

নিৰ্বাচনী সভাখনৰ কাষতে বিষাক্ত চুলাই খাই মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলে “আমাক জীয়াই থাকিবলৈ দিয়ক”, “আমাক ন্যায় লাগে”, “আমাক ক্ষতিপূৰণ দিয়ক”, “দোষীক শাস্তি দিয়ক”, “লালিগুৰৰ বেপাৰীক গ্ৰেপ্তাৰ কৰক” আদি শ্ল’গান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে।

মন্ত্ৰীজন সভাৰ কাষতে থকা প্ৰতিবাদস্থলীলৈ যায় যদিও প্ৰতিবাদকাৰীৰ সৈতে কোনো আলোচনা নকৰাকৈ নিমিষতে আৰক্ষীৰ বেষ্টনীৰ মাজেৰে আঁতৰি যায়। কেৱল যাবৰ সময়ত হিমন্তই কৈ গ’ল, “আপোনালোকে ক্ষতিপূৰণ পাব, মই কথা দিছো, এয়া মই চাম”।

হিমন্তৰ সৈতে যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা শক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী তপন গগৈও সভাখনত উপস্থিত আছিল।

Related News