NORTHEAST NOW (Assamese)

বিষয় চীন: ৰাহুল গান্ধীক নেহৰুৰ কথা মনত পেলাই দিলে হিমন্ত বিশ্ব শৰ্মাই

June 21, 2020 5:08 pm · কল্পজ্যোতি শইকীয়া

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ সৈতে চলিত সীমা বিবাদ প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি অহা ৰাহুল গান্ধীক সোঁৱৰাই দিলে জৱাহৰলাল নেহৰুৰ কথা।

কংগ্ৰেছ নেতা গান্ধীয়ে মোদীয়ে চীনৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি সমালোচনা কৰি টুইট কৰিছিল।

বিপৰীতে অসমৰ মন্ত্ৰী শৰ্মাই টুইট কৰে, “‘আত্মসমৰ্পণ কৰাটো গান্ধী-নেহৰু পৰিয়ালৰ হলমাৰ্ক।”

শৰ্মাই কয় যে ১৯৬২ চনত অসমখন পণ্ডিত নেহৰুৱে চীনক প্ৰায় এৰি দিছিল।

“যেতিয়া চীনা সৈন্যই ব’মডিলা অধিকাৰ কৰিছিল তেতিয়া নেহৰুৱে কৈছিল ‘My heart goes out to people of Assam’,” শৰ্মাৰ টুইট।

ইফালে প্ৰধান মন্ত্ৰী মোদীক সমালোচনা কৰিবলৈ গৈ Surrender শব্দৰ বানান ভুলকৈ লিখাক লৈয়ো গান্ধীক শৰ্মাই সমালোচনা কৰে।

“ৰাহুল গান্ধী, আপুনি ইমান হতাশ হৈছে যে আপুনি বানান শুদ্ধকৈ লিখিব পৰা নাই,” বিজেপি নেতা শৰ্মাই কয়।

Surrender শব্দক Surender বুলি লিখাৰ পিছতে বিজেপি নেতাৰ পৰা আৰম্ভ কৰি সমৰ্থকলৈকে বহু লোকে ৰাহুল গান্ধীক সমালোচনা কৰিছে।

আনকি #SurenderModiএ ভাৰতত বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙৰ শীৰ্ষস্থান দখল কৰিছে।

Related News