NORTHEAST NOW (Assamese)

মৰিগাঁৱত ভোটাৰ সংশোধনী পৰ্যবেক্ষক; সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ

December 14, 2020 8:44 pm · চানু গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

আজি মৰিগাঁও জিলাস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত CAD (Central Assam Division)ৰ আয়ুক্ত তথা ইলেক্ট’ৰেল অবজাৰভাৰ মলয় বৰা (IAS)ৰ লগত SOD দেৱজিত বৰুৱা (ACS) ই ভোটাৰ তালিকা সংশোধনীৰ কামৰ পৰ্যালোচনা কৰিবলৈ ৩ বজাত  উপস্থিত হয়।

তেওঁলোকে ERO, AERO, BLOS, BLO সকলৰ পৰা  বৰ্তমান খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কামৰ বুজ লয়।

তেওঁ লোকে  জিলাখনৰ কোনো এজন যোগ্য ভোটাৰ যাতে বাদ পৰি নাযায় আৰু যি সকল ভোটাৰৰ ভোটাৰ তালিকাত ফটো সংলগ্ন কৰিব পৰা নাই সেই সকল ভোটাৰৰ ফটো সংগ্ৰহ কৰি সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিব পৰাকৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী সকলক নিষ্ঠাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

আজিৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত লীনা দাস প্ৰমুখ্যে অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া লগতে বিভাগীয় কৰ্মচাৰী সকল উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Related News