NORTHEAST NOW (Assamese)

বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰ-গোৰ; অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে

December 26, 2022 10:51 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 26, 2022 10:52 am

এজন ২৪ বছৰীয়া যুৱকে তেওঁৰ প্ৰেমিকাক মুখত গোৰ মাৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত তেওঁক মুকলি কৰি দিছিল। যুৱকজন তেতিয়াৰে পৰা পলাতক হৈ আছিল। অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে জনায়। কেৱল সেয়াই নহয়, অভিযুক্ত যুৱকজনৰ ঘৰটো বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে। গোটেই ঘটনাটো মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত হৈছিল।

গ্ৰেপ্তাৰ কৰা যুৱকজনক পংকজ ত্ৰিপাঠী বুলি চিনাক্ত কৰা হৈছে। পংকজক শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। দেওবাৰে, পংকজৰ ঘৰটো জেচিবি মেচিনেৰে ভাঙি পেলোৱা হৈছে।

লগতে পঢ়ক: সতৰ্কতা জৰুৰী! চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাব-ভেৰিয়েন্ট বিএফ.৭?

জানিব পৰা গৈছে যে পংকজে গাড়ী চলাই উপাৰ্জন কৰিছিল। কিন্তু পংকজৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে। আনহাতে, পংকজৰ বিৰুদ্ধে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় আৰক্ষী থানাৰ এজন আৰক্ষী কৰ্মীকো নিলম্বন কৰা হৈছে।

ইপিনে, পংকজৰ প্ৰহাৰৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিযুক্ত যুৱকজনক প্ৰথমতে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত আৰক্ষীয়ে মুকলি কৰি দিছিল। ঘটনাটো বুধবাৰে সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেতিয়া অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫১ ধাৰাৰ (শান্তি ভংগ) অধীনত এটা গোচৰ ৰুজু কৰিছিল। ফলস্বৰূপে যুৱকজনে  মুকলি হৈ যায়।

আনহাতে, ছোৱালীজনীয়ে ঘটনাটোৰ বিষয়ে আৰক্ষীক জনায় যদিও তেওঁ কোনো অভিযোগ দাখিল কৰা নাছিল। অৱশ্যে ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীয়ে যুৱজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ আগতেই তেওঁ পলাই যায়। অভিযুক্তক পিছত গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথমতে অভিযুক্ত পংকজৰ বিৰুদ্ধে ১৫১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ অৱহেলাৰ অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে, সমালোচনাৰ সন্মুখীন হৈ আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে।

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন; ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ

ইপিনে, গোটেই ঘটনাটোৰ ভিডিঅ’ কৰা ব্যক্তিজনৰ বিৰুদ্ধে নিৰ্যাতিতাই অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ভিডিঅ’টো কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। আই টি আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

ভাইৰেল ভিডিঅ’টোত যুৱক-যুৱতীহালক থিয় হৈ বিয়াৰ বিষয়ে কোৱা দেখা যায়। যুৱতীগৰাকীৰ প্ৰেমিকে তেতিয়া ভিডিঅ’টো তৈয়াৰ কৰা ব্যক্তিজনক কেমেৰাটো অফ কৰিবলৈ কৈছিল। অভিযুক্ত প্ৰেমিকে তেতিয়া যুৱতীগৰাকীক চৰ মাৰিছিল আৰু তাইক মাটিত পেলাই দিছিল। যুৱতীগৰাকী মাটিত পৰি গৈছিল আৰু যন্ত্ৰণাত চিঞৰি উঠিছিল। যুৱকজনে তেতিয়া তেওঁৰ প্ৰেমিকাক মুখত গোৰ মাৰিছিল।

যুৱকজনে পিছত তেওঁৰ প্ৰেমিকাক মাটিৰ পৰা তুলি লৈছিল যদিও যুৱতীগৰাকীয়ে প্ৰহাৰ কৰাৰ পিছত পোন হৈ থিয় হ’ব নোৱাৰিলে। আৰক্ষীয়ে জনোৱা অনুসৰি, ভিডিঅ’টো মৌগঞ্জ অঞ্চলৰ ধেৰা গাঁৱৰ।

Related News