NORTHEAST NOW (Assamese)
অসম

১৫ দিন এইফালে, ১৫  দিন সিফালে : দুই পত্নীক লৈ কিদৰে সংসাৰৰ চলাইছে এইগৰাকী স্বামীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 20, 2023 6:34 pm

চিনেমাৰ কাহিনীয়েও পাত্তা নাপাব এইটো ঘটনাৰ লগত। মধ্যপ্ৰদেশৰ উজ্জ্বয়িনীৰ এজন যুৱকে চলাইছে তিনিকোণীয়া সংসাৰ। দুই পত্নীৰে একেলগে চলাই নিছে সুখৰ সংসাৰ।

ঘটনাৰ সবিশেষ অনুসৰি প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰৰ সময়ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় যুৱকজনে। কিন্তু অৱশেষত তেওঁ দুগৰাকী পত্নীৰ সৈতে এটা ঘৰত থাকিবলৈ সিদ্ধান্ত লয়। এই সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ কয় যে প্ৰতিগৰাকী পত্নীৰ সৈতে তেওঁ মাহত ১৫ দিনকৈ কটাব যাতে তেওঁলোক সুখী হৈ থাকে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৫ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজনে। বিয়াৰ কেইদিনমানৰ ভিতৰতে এটি সন্তান লাভ কৰে দম্পতীহালে।। অৱশ্যে সন্তান জন্ম হোৱাৰ পিছত দম্পতীহালৰ মাজত নিয়মীয়াকৈ কাজিয়া চলিছিল।
গতিকে দুয়োজনে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে। আদালতত প্ৰথম পত্নীৰ সন্মতি সাপেক্ষে বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল যুৱকজনে।

তেনেতেই আন এগৰাকী মহিলাৰ প্ৰেমত পৰে যুৱকজন। কেইদিনমানৰ ভিতৰতে তেওঁ সেই মহিলাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

প্ৰথম পত্নীয়ে স্বামীৰ দ্বিতীয় বিবাহৰ কথা গম পাই ক্ৰোধান্বিত হৈ উঠে।।প্ৰথম পত্নীক দেখি দ্বিতীয় পত্নীৰো খং উঠে। অৱশ্যে দুয়োগৰাকী পত্নীৰ কোনো এগৰাকীয়েই যুৱকজনৰ সৈতে সম্পৰ্ক ভাঙিবলৈ ইচ্ছুক নহয়।
তাৰ পিছত যুৱকজনে সমস্যাৰ সমাধানৰ বাবে আৰক্ষীৰ ওচৰলৈ যায়। অৱশ্যে আৰক্ষীয়ে নিজৰ মাজতে বিবাদ নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিয়ে।

অৱশেষত যুৱকজনে সিদ্ধান্ত ল’লে যে দুগৰাকী পত্নীৰ সৈতে এটা পৰিয়াল গঢ়িব। তেওঁ দুয়োগৰাকী পত্নীৰ সৈতে এমাহত ১৫ দিনকৈ কটাব বুলি প্ৰতিশ্ৰুতি দিয়ে। দুয়োগৰাকী পত্নীয়ে যুৱকজনৰ এই সিদ্ধান্ত মানি লয়।