NORTHEAST NOW (Assamese)

জানেনে, মাছে কৰে হৃদযন্ত্ৰৰ সুৰক্ষা! গতিকে মাছ খাওক, হৃদযন্ত্ৰ সুৰক্ষিত ৰাখক

January 17, 2024 6:38 pm · এন ই নাও নিউজ, গুৱাহাটী

সম্প্ৰতি সমগ্ৰ বিশ্বতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা। কেৱল বয়োজ্যেষ্ঠ লোকেই নহয়, বহু যুৱক-যুৱতী চিকাৰ হৈছে হাৰ্ট এটেকৰ। গতিকে স্বাভাৱিকতেই হৃদৰোগক লৈ বৃদ্ধি পাইছে আতংক।

এনে কাৰণত নিজৰ হৃদযন্ত্ৰৰ সুৰক্ষাৰ বাবে সকলোৱে সজাগ হৈ পৰিছে। হৃদৰোগক বাধা দি হৃদযন্ত্ৰৰ স্বাস্থ্য সবল কৰি ৰখাত আপোনাৰ বাবে এক ‘ঔষধ’ হ’ব পাৰে মাছ।  

নিয়মিত মাছ খালে হাৰ্টৰ সমস্যা দূৰ হয়। এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষা অনুসৰি সপ্তাহত কমেও দুদিন তেলযুক্ত মাছ খালে হাৰ্টৰ সমস্যা থকা লোকসকল উপকৃত হ’ব।

হাৰ্টৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত তেলযুক্ত মাছৰ কোনো বিকল্প নাই আৰু যিসকলে হাৰ্টৰ অসুখত ভূগিছে তেওঁলোকৰ বাবে এইটো আৰু প্ৰয়োজন।

নতুন এক গৱেষণাত ইংগিত পোৱা গৈছে যে মাছত থকা ওমেগা-৩ ফ্যাটি এচিডে দৰাচলতে হাৰ্ট এটেক তথা ষ্ট্ৰোকৰ দৰে বিপদজনক সমস্যা প্ৰতিৰোধ কৰিব পাৰে।

যিসকলে প্ৰতি সপ্তাহত এমেগা-৩ ফ্যাটি এচিডসমৃদ্ধ তেলযুক্ত মাছ খায় তেওঁলোকৰ হাৰ্টৰ সমস্যা বহু পৰিমান কম হয় বুলি গৱেষণাত দাবী কৰা হৈছে।

ম্যাকষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এণ্ড্ৰু ম্যেন্তে এই সন্দৰ্ভত কয় যে হাৰ্টৰ অসুখত আক্ৰান্তসকলে মাছ খোৱাৰ অভ্যাস কৰিলে বহুপৰিমানে সুৰক্ষিত থাকিব।

দৰাচলতে ওমেগা-৩ফ্যাটি এচিডে শৰীৰৰ ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা হ্ৰাস কৰে। হাৰ্টত তেজ গোট মাৰিলে সমস্যাই দেখা দিব পাৰে।

শৰীৰত ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা হ্ৰাস পালে তেজৰ গোট মৰাৰ সম্ভাৱনাও হ্ৰাস পাব।

Related News