NORTHEAST NOW (Assamese)

গৰমৰ দিনত গা খজুৱাই থাকে নেকি? ঘৰুৱা বিধানেৰে পাওঁক মুক্তি

August 9, 2020 10:39 am · এন ই নাও নিউজ

গৰমৰ দিন বুলি ক’লেই বহুতৰে বাবে অসহ্যকৰ সময়।

ধূলি-বালি,ঘাম আদিৰ প্ৰকোপত অসহ্যকৰ হৈ পৰে জীৱন।

এনে সময়তে যদি গাৰ খজুৱতিয়ে আমনি কৰে তেন্তে পৰিস্থিতি আৰু বৰ্ণনাতীত হৈ পৰে।

এলাৰ্জী জনিত সমস্যাত ভোগা সকলৰ লগতে যিকোনো লোকৰে গৰমৰ দিনত গাৰ খজুৱতি হোৱা দেখা যায়।

আজিকালি বজাৰত খজুৱতিৰ বহু দৰৱ পোৱা যায়। কিন্তু তেনে দৰৱ সমূহৰ প্ৰায়ভাগৰে পাৰ্শ্বক্ৰিয়া থকা দেখা যায়।

গাৰ খজুৱতিৰ পৰা মুক্তি পাবলৈ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়াহীন ঘৰুৱা উপাদান ব্যৱহাৰ কৰি বহুতে সুফল পাবলৈ সক্ষম হৈছে।

খজুৱতিৰ পৰা সকাহ পাবলৈ আমি সকলোৰে পৰিচিত নেমু টেঙাৰ পাত ব্যৱহাৰ কৰিব পাৰো।

এমুঠি মান সতেজ নেমু টেঙাৰ পাত লৈ সেয়া ভালদৰে সিজাই লওঁক। পানী খিনি কুহুমীয়া ঠাণ্ডা হোৱাৰ পিছত সেই পানীৰে গা ধুলে গাৰ খজুৱতিৰ পৰা মুক্ত হ’ব পাৰিব।

অৱশ্যে সুফল পাবলৈ কেইদিন মান একেৰাহে এনেদৰে নেমু টেঙাৰ পাত সিজোৱা পানীৰে গা ধুলে নিজেই ধৰিব পাৰিব নেমুৰ পাতৰ গুণ কিমান।

গাৰ খজুৱতিত তুলসীৰ পাতৰ ৰসো  অতি উপকাৰী।

তুলসীৰ পাতত ইউজেনল,থাইমল আদি উপাদান থাকে। সেয়ে তুলসী পাতৰ ৰস গাত ঘঁহিলে বহু সুফল পোৱা যায়।

Related News