NORTHEAST NOW (Assamese)

বিহু বুলি দোকানৰ ৰঙাপানীৰ সলনি ঘৰতে পান কৰক পৰম্পৰাগত পানীয় : কিদৰে তৈয়াৰ কৰিব সাঁজপানী?

April 12, 2023 8:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2023 12:07 pm
ফ'টো- প্ৰাঞ্জল দেউৰী

অসমৰ প্ৰায়বোৰ খিলঞ্জীয়া জনগোষ্ঠীৰেই উৎসৱপাৰ্বন, বিভিন্ন মাংগলিক অনুষ্ঠান বা দৈনন্দিন খাদ্যাভাসৰ এৰাব নোৱাৰা পানীয় হৈছে সাঁজপানী। সাঁজপানীক বেলেগ বেলেগ জনগোষ্ঠীত বেলেগ বেলেগ নামেৰে জনা যায় যদিও এই পৰম্পৰাগত পানীয়বিধ তৈয়াৰ কৰাৰ প্ৰণালী সকলো জনগোষ্ঠীৰে প্ৰায় একেই।

ফ’টো- প্ৰাঞ্জল দেউৰী

বিহু বুলি সকলোৱে অলপ আনন্দ কৰিব বিচাৰে। বহুতেই হয়তো বিহুৰ মাজতে আনন্দ আৰু বিনোদনৰ বাবে সুৰাৰ বিপনীৰ পৰা কিনি আনে নামীদামী বিলাতী সুৰাৰ বটল। কিন্তু বিহু বা এনে ধৰণৰ উৎসৱত থলগিৰি অসমীয়া জনগোষ্ঠীসমূহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে নিজৰ নিজৰ পৰম্পৰাগত পানীয়।

বিহুৰ সময়ত হয়তো বহুতৰে মন যায় থলুৱা পানীয়ৰ সোৱাদ অকণ ল’বলৈ। কিন্তু তৈয়াৰ কৰিব নজনাৰ বাবে বা ওচৰতে উপলব্ধ নোৱাৰ বাবে বহুতৰেই পৰম্পৰাগত পানীয় সেৱন কৰাৰ ইচ্ছা মনতেই ৰৈ যায়।

সেই বাবেই আজি আমি আপোনালোকলৈ লৈ আনিছোঁ পৰম্পৰাগত সাঁজপানী তৈয়াৰ কৰা প্ৰণালী।

কেনেকৈ প্ৰস্তুত কৰে জনজাতীয় পানীয়?

ফ’টো- প্ৰাঞ্জল দেউৰী

প্ৰয়োজনীয় সামগ্ৰী

চুলাও বা দৰৱ বা বাখৰ, বৰা বা আৰৈ চাউল, এটা কলহ বা প্লাষ্টিকৰ পাত্ৰ আৰু এখন চালনি

প্ৰস্তুত প্ৰণালী

() প্ৰথমে যতনাই লোৱা বড়া চাউল বা আঢ়ৈ চাউলখিনি ভাতৰ দৰে সিজাই কলাপাত এখনত মেলি ঠাণ্ডা কৰি লওঁক।

() চুলাওৰ পিঠা কেইটামান খুন্দি গুৰি কৰি ঠাণ্ডা হোৱা ভাতখিনিৰ লগত মিহলাই দিয়ক।

() তাৰ পিছত ওপৰত কলপাতেৰে ঢাকি দি এটা শুকান কলহ বা প্লাষ্টিকৰ পাত্ৰত চুলাও মিহলোৱা ভাতখিনি ভৰাই কলাপাতৰ সোপা দি সুৰক্ষিত স্থানত থৈ দিয়ক। চাব যাতে কলহটোত পোক পৰুৱা প্ৰৱেশ কৰিব নোৱাৰে।

() কলহটো এইদৰে নিৰ্দিষ্ট স্থানত থৈ ৩ পৰা ৭ দিনলৈ অপেক্ষা কৰক। ক্ৰমশঃ তাত কিছুমান ইষ্ট বা বেক্টেৰীয়াৰ জন্ম হ’ব। ফলত ভাতখিনিত এলক’হলৰ সৃষ্টি হ’ব। এলক’হলৰ ঘনত্ব বৃদ্ধি পালে ইষ্টবোৰ নিজে নিজে মৰি যাব। গৰম দিনত এই প্ৰক্ৰিয়া ৩৪ দিনত হৈ উঠে যদিও বতৰ ঠাণ্ডা হ’লে ই এসপ্তাহ বা তাতোকৈ অধিক সময় ল’ব পাৰে। এলক’হলৰ সৃষ্টি হ’লে কলহটোৰ পৰা এটা গোন্ধ ওলাব।

() গোন্ধটো ভালকৈ ওলোৱাৰ পিছত সামান্য পানী ঢালি আৰু দুই তিনি দিন মান অপেক্ষা কৰক।

() তাৰপিছত কলহটো ভাঙি নিৰ্দিষ্ট পৰিমাণৰ পানী ঢালি এখন চালনিৰ সহায়ত গেলি যোৱা ভাতখিনি চেকি পেলাওক। এই দৰেই যিখিনি পানী ওলাব সেয়াই হ’ব আপুনি প্ৰস্তুত কৰা সাঁজপানী।

() এতিয়া ধুনীয়াকৈ এঠাইত বহি সাঁজপানীখিনি পোৰা মাছ, পোৰা আলু, ভজা মাছ বা মঙহৰ লগত জুতি লগাই খাওঁক।

চুলাও বা দৰৱ বা বাখৰ কেনেকৈ প্ৰস্তুত কৰিব?

লাওপানীৰ বাবে প্ৰয়োজনীয় প্ৰথম বস্তু হল চুলাও বা দৰৱ। চুলাও (fermenter) চাউলৰ কেঁচা পিঠাগুৰিৰ লগত বিভিন্ন বন দৰৱৰ গুৰি মিহলাই তৈয়াৰ কৰা হয়। পানী দি গলাই লোৱা কেঁচা পিঠাগুৰিৰ লগত বন দৰৱৰ গুৰিবোৰ মিশ্ৰণ কৰি গোল গোলকৈ পিঠা বনাই সেইবোৰৰ তলত বিহলঙনীৰ পাত দি তাৰ ওপৰত ঘিলা আকৃতিৰ পিঠাবোৰ চালনি এখনত শুকাবৰ বাবে মেলি দিব লাগে। এই পিঠাবোৰ ৰ’দত বা জুই চাঙত শুকোৱাব লাগে। তলত বিহলঙনীৰ পাত দিয়াৰ কাৰণটো হ’ল বিহলঙনী থাকিলে পোকপৰুৱাই পিঠাবোৰ খাবলৈ নাহে। চুলাওত মানুহে খোৱা প্ৰায় যিকোনো উপকাৰী বনৌষধিকে মিলাই দিব পাৰি মাথোঁ সেইবোৰে লাওৰ স্বাদ বা গোন্ধত বেয়া প্ৰভাৱ পেলাব নালাগিব। গতিকে ঠাই বিশেষে চুলাওত মিলোৱা বনৌষধিবোৰ কিছু বেলেগ হোৱাটো স্বাভাৱিক। চু লাও বা বাখৰ তৈয়াৰ কৰিবৰ বাবে সামান্য সামান্য পৰিমাণত ব্যৱহাৰ কৰিব পৰা বনৌষধ সমূহ হৈছে পাটীসূতা, কপৌ ঢেকীয়া, বনজালুক, ৰূপহী থেকেৰাৰ পাত, মাহুদী, জালুকৰ পাত, জালুক এটা বা দুটা, খৰখৰি পাত, বোৱা পাত, পাণ, তেজমুৰীৰ পাত, মাণিকি মধুৰীৰ পাত, দালচেনি পাত, আদাৰ পাত, হালধিৰ পাত, নেমু টেঙাৰ পাত, গাখীৰতী পাত, ধপলা পাত, ধপাত তিতা পাত, পিপলী, বিয়নী হাকোঁতা আদি। এইসমূহ বনৌষধ সংগ্ৰহ কৰি খুন্দি পিঠাগুৰিৰ লগত সামান্য পানী ঢালি চু লাও বা দৰৱ বা বাখৰটো তৈয়াৰ কৰা হয়।

সাঁজপানীৰ উপকাৰিতা সমূহ

অসমৰ পৰম্পৰাগত পানীয়ৰ ওপৰত কৰা বিভিন্ন গৱেষণামূলক অধ্যয়নে প্ৰকাশ কৰিছে যে ই কিছু ক্ষেত্ৰত স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপকাৰিতাসমূহ


) ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে।

) চাউলৰ ৱাইনত লেক্টিক এচিড আৰু বেক্টেৰিয়াৰ উপস্থিতিয়ে ইয়াক প্ৰ’বায়’টিক কৰি তোলে, যাৰ ফলত পেটৰ সমস্যা দুৰ হয়।

) কেন্সাৰ প্ৰতিৰোধ কৰে ।

) এন্টিবেক্টেৰিয়েল পদাৰ্থ হিচাপে কাম কৰিব পাৰে।

) বয়সৰ ছাপ দূৰ কৰে আৰু UV ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।

) এই পানীয় গ্ৰহণ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু পেট ঠাণ্ডা কৰি ৰাখে।

Related News