NORTHEAST NOW (Assamese)

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা; ৰাজ্যৰ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছে পৰীক্ষা

February 10, 2026 10:08 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।পুৱা ৯ বজাৰ পৰা আৰম্ভ  হৈছে এই পৰীক্ষা।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰ অনুষ্ঠিত হৈছে পৰীক্ষা। ৰাজ্যৰ ১,০৪৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। 

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আজি পুৱাৰে পৰা প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত অভিভাৱকসকলে ভিৰ কৰা দেখা গৈছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,৩৮,৫৬৫ গৰাকী শিক্ষাৰ্থী। ইয়াৰে ১,৯০,২৪৩ গৰাকী ছাত্ৰ, ২,৪৮,৩২২ গৰাকী ছাত্ৰী।

উল্লেখ্য যে বিগত বৰ্ষতকৈ এইবাৰে বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা। বিগত বৰ্ষত ৰাজ্যত ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।

আজি ১০ ফেব্ৰুৱাৰীৰ পুৱা মাতৃভাষা, ১৩ ফেব্ৰুৱাৰীৰ পুৱা সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

সেইদৰে, ১৪ ফেব্ৰুৱাৰীৰ পুৱা ঐশ্চিক বিষয়ৰ সংগীত, নৃত্য, উদ ক্ৰাফ্ট আৰু হোম ছাইন্সৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

Related News