NORTHEAST NOW (Assamese)
অসম

Huge Cash recovered: পশ্চিমবংগৰ হাওৰাত গাড়ীৰ পৰা প্ৰায় ৪৯ লাখ টকা উদ্ধাৰ; ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক আটক

Posted by: এন ই নাও নিউজ, কলকাতা Updated by: এন ই নাও নিউজ, কলকাতা July 31, 2022 7:33 am

Huge Cash recovered from Jharkhand Congress MLA’s vehicle পুনৰ লাখে লাখে নগদ টকা উদ্ধাৰৰ ঘটনা। পশ্চিমবংগৰ হাওৰাৰ পাঁচলাত ঝাৰখণ্ড অভিমুখী গাড়ীৰ পৰা বাণ্ডিলে বাণ্ডিলে টকা আৰু সোণ  উদ্ধাৰ কৰা হৈছে। এই ঘটনাত ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়কক আটক কৰা হৈছে।

টকা গণনাৰ বাবে কাৰেন্সি কাউন্টিং মেচিন অনা হয়। মাজ নিশালৈকে গণনা চলে। শেহতীয়া খৱৰ অনুসৰি গাড়ীখনত প্ৰায় ৪৯ লাখ টকা আছিল।

বংগত অৰ্পিতা মুখাৰ্জী নামৰ মহিলাগৰাকীৰ ঘৰত কোটি কোটি টকা উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনা ঘটিল। শনিবাৰে আবেলি কলকাতাৰ পৰা ঝাৰখণ্ডলৈ যাত্ৰা কৰা এখন বাহনত তালাচী চলাই এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁলোকে গোপন সূত্ৰৰ পৰা খবৰ পায় যে কলকাতাৰ পৰা ঝাৰখণ্ডলৈ এখন গাড়ীত বহু নগদ টকা কঢ়িয়াই নিয়া হৈছে। সেই অনুসৰি আৰক্ষী মোতায়েন কৰা হয়।

বিয়লি পাঁচলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাণীহাটিৰ ওচৰত এখন ক’লা গাড়ী ৰখাই দিয়া হয়। গাড়ীখনত তালাচী চলাই টকাখিনি উদ্ধাৰ কৰা হয়।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে কংগ্ৰেছৰ তিনিজন বিধায়কক ৰাজেশ কাশ্যপ, নমন দীক্ষিত আৰু ইৰফান আনছাৰী বুলি চিনাক্ত কৰা হৈছে। বাহন, নগদ ধনখিনি আৰু বিধায়ককেইগৰাকীকপাঁচলা আৰক্ষী থানালৈ লৈ যোৱা হয়। আৰক্ষীয়ে কংগ্ৰেছৰ বিধায়কসকলক সোধা-পোছা কৰি ধনখিনি ক’ৰ পৰা আনিছিল আৰু ক’লৈ লৈ যোৱা হৈছিল জানিবলৈ চেষ্টা কৰি আছে।

এই ধন পুনৰুদ্ধাৰ সন্দৰ্ভত পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰঞ্জন চৌধুৰীয়ে কয়, “ঝাৰখণ্ডত কংগ্ৰেছ-জেএমএম (ঝাৰখণ্ড মুক্তি মৰ্চা) চৰকাৰক উৎখাত কৰিবলৈ এই ধন অনা হৈছিল। এয়া হৈছে বিজেপিৰ ‘অপাৰেচন লোটাছ’। মহাৰাষ্ট্ৰৰ পিছত এইবাৰ তেওঁলোকৰ লক্ষ্য হৈছে ঝাৰখণ্ড। এইটো এটা ‘গটআপ গেম’ হ’ব পাৰে। নহ’লে হঠাতে কংগ্ৰেছ নেতাসকলে ঝাৰখণ্ডৰ পৰা বংগলৈ কিয় টকা আনিব!”