NORTHEAST NOW (Assamese)
অসম

লেখাপানীত বন বিভাগৰ অভিযান; লক্ষাধিক মূল্যৰ মূল্যৱান চোৰাং কাঠ জব্দ

Posted by: মানস প্ৰতিম গগৈ August 25, 2018 7:14 pm
Illegal timber seized at Lekhapani

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লেখাপানী টিৰাপ আৰু টিপং সংৰক্ষিত বনাঞ্চলত চোৰাংকাঠ মাফিয়াই অবাধ বন ধ্বংস অভিযান অব্যাহত ৰখাৰ সময়তে আজি লেখাপানী আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ বনবিভাগৰ দলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত বন বিভাগৰ দলটোৱে টিৰাপ নৈৰ ফুলবাৰী ঘাটিৰ সমীপত চোৰাং কাঠ মাফিয়াই লুকুৱাই ৰখা ২০০ চি এফ টিৰো অধিক হাতে ফলা চাম কাঠ জব্দ কৰে।

আনহাতে, চোৰাং কাঠখিনি বোজাই কৰিবলৈ অনা গাড়ীসহ চোৰাং কাঠ মাফিয়াই বন বিভাগৰ অভিযানৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব।

উল্লেখযোগ্য যে চোৰাং কাঠ মাফিয়াই টিপং সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে গছ ফালি অতি গোপনে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে। সম্প্ৰতি টিৰাপ নৈ চোৰাং কাঠ মাফিয়াৰ কৰিড’ৰ হৈ পৰা বুলিও একাংশই অভিযোগ কৰিছে।