NORTHEAST NOW (Assamese)

কাছাৰ বন সংমণ্ডলৰ ধলাই ৰেঞ্জত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

October 16, 2019 1:44 pm · অনিৰুদ্ধ লস্কৰ
বন বিভাগে জব্দ কৰা কাঠবোৰ।

ৰাজ্যত চোৰাংকৈ কাঠ সৰবৰাহ অব্যাহত আছে আৰু কাছাৰ বন সংমণ্ডলৰ ধলাই ৰেঞ্জে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰি সেই কথা পুনৰ প্ৰমাণ কৰিছে।

গোপন সূত্ৰৰ পম খেদি ধলাইৰ ৰেঞ্জ অফিচাৰে বনকৰ্মীসকলক লগত লৈ বিষ্ণুপুৰ-আনন্দখাল সীমান্ত অঞ্চলত জব্দ কৰা কাঠখিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

বনকৰ্মীসকলে কাঠ কটা মেচিন, শিকলি, ৰছী আদিও জব্দ কৰিছে যদিও কাঠৰ চোৰাং ব্যৱসায়ীকেইজন পলাই সাৰে।

ধলাই ৰেঞ্জৰ বীট অফিচাৰ আৰ জিম্মিয়ে নৰ্থ-ইষ্ট নাওক কয়, “আমি গছ কটাৰ কথা জানিব পাৰি বনকৰ্মীসকলক লৈ এই অভিযানটো চলাইছিলো”।

ঘটনাস্থলত উপস্থিত হৈ দলটোৱে বৃহৎ সংখ্যক গছ আৰু কাঠ কাটি জোপোহাৰ আঁৰত লুকুৱাই থোৱা দেখা পায়। তেওঁলোকে কাঠ কাটিবলৈ ব্যৱহাৰ কৰা প্ৰায় ৫০ হাজাৰ টকীয়া মূল্যৰ কৰতো উদ্ধাৰ কৰে।

পিছত ঘটনাস্থলত ৰেঞ্জ অফিচাৰ মুজিবুৰ চৌধুৰীও উপস্থিত হয়। “আমি অপৰাধীকেইজনক ধৰিব নোৱাৰিলো। কিন্তু এই অঞ্চলটোৰ ওপৰত চোকা দৃষ্টি ৰখা হ’ব”, চৌধুৰীয়ে কয়।

Related News