NORTHEAST NOW (Assamese)

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

January 17, 2021 11:25 am · এন ই নাও নিউজ

পি এম কেয়াৰ্ছ ফাণ্ডৰ স্বচ্ছতাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। এই ফাণ্ডৰ টকাৰ উৎস জানিব বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে ১০০গৰাকী প্ৰাক্তন আমোলাই।

তেওঁলোকে দাবী কৰিছে যে পি এম কেয়াৰ্ছ ফাণ্ডত স্বচ্ছতাৰ অভাৱ ঘটিছে। এই ফাণ্ডৰ ধনৰ অনুদানৰ উৎস সম্পৰ্কে সকলোৱে জনা উচিত।

তেওঁলোকে দাবী কৰে যে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ খোলক আৰু ফাণ্ডৰ আয়-ব্যয়ৰ হিচাপ সদৰী কৰক।

অৱসৰপ্ৰাপ্ত আমোলাসকলৰ এই পত্ৰ প্ৰধানমন্ত্ৰীৰ হাতত পৰিছে। কোনো ধৰণৰ দুৰ্নীতিৰ মুখত যাতে পৰিবলগীয়া নহয়, সেই বিষয়ে সতৰ্ক কৰি দিয়াৰ উদ্দশ্যেই এই পত্ৰ দিয়া বুলি কোৱা হৈছে।

প্ৰাক্তন আমোলাসকলে এই পত্ৰত লিখিছে যে কৰ’না পৰিস্থিতিত দেশখনে বহু কঠিন আৰ্থিক সংকটৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। কিন্তু তাৰপাছতো পি এম কেয়াৰ্ছ ফাম্ডত বৃহৎ অংকৰ অনুদান জমা হৈছে।

তেওঁলোকে লিখিছে যে ইয়াৰ বাবেই সাধাৰণ নাগৰিকৰ মনত প্ৰশ্ন উঠিছে। সেই প্ৰশ্নৰ উত্তৰ দিব লাগে। প্ৰধানমন্ত্ৰীয়ে নিজেই এই বিষয়ত উদ্যোগ গ্ৰহণ কৰক।

এই পত্ৰ লিখা প্ৰাক্তন আইএএছ বিষয়াসকলৰ মাজত আছে অনিতা অগ্নিহোত্ৰী, এছ পি আমব্ৰ’ছে, শৰদ বেহাৰ, ছাজ্জাদ হুছেইন, হৰ্ষ মান্ধাৰ, পি জয় ওম্মেন, অৰুণা ৰায়, প্ৰাক্তন কূটনীতিক মধু ভাদুড়ী, দেব মুখাৰ্জী, সুজাতা সিং, প্ৰাক্তন আই পি এছ বিষয়া এ এছ দুলাত, পি জি জে নামপ’থিৰি আৰু জুলিঅ’ ৰিবেইৰোৰ দৰে আমোলা।

পি এম কেয়াৰ্ছ ফাণ্ডৰ সদস্যসকল হ’ল স্বয়ং প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী,  বিত্তমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী।

কৰ’না ভাইৰাছ মহামাৰীৰ মোকাবিলাৰ বাবে ২০২০ৰ ৩১ মাৰ্চলৈকে পি এম কেয়াৰ্ছ ফাণ্ডত ৩হাজাৰ ৭৬কোটি টকা অনুদান আহিছে। ৱেবছাইটৰ অডিট ৰিপ’ৰ্টত এই তথ্যই দাঙি ধৰা হৈছে।

পি এম কেয়াৰ্ছ ফাণ্ডৰ স্বচ্ছতাক লৈ পূৰ্বৰে পৰা বিৰোধীসকলে একাধিক আবেদন তথা সমালোচনা কৰি আহিছে।

Related News