NORTHEAST NOW (Assamese)

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

July 26, 2025 8:03 pm · এন ই নাও নিউজ, গুৱাহাটী

হায়দৰাবাদৰ ৰাচাকোণ্ডা আয়ুক্ত অঞ্চলত আৰক্ষী থানাৰ ভিতৰত মদ খাই তাৰ পিছত বমি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন জ্যেষ্ঠ আৰক্ষী বিষয়া উপ-আয়ুক্ত এছ মাল্লা ৰেড্ডীৰ বিৰুদ্ধে। অভিযোগটো অধিক গুৰুতৰ, বমি কৰাৰ পিছত তেওঁ নিজেই চাফা কৰা নাছিল যদিও কৰ্মচাৰীক চাফা কৰিবলৈ দিছিল।

সূত্ৰ অনুসৰি এই ঘটনাক লৈ জনসাধাৰণৰ ব্যাপক ক্ষোভৰ পিছত ৰাচাকোণ্ডা আৰক্ষী আয়ুক্ত সুধিৰ বাবুৱে তেওঁক শীঘ্ৰে বদলিৰ নিৰ্দেশ দিয়ে। এতিয়া মল্ল ৰেড্ডীক তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে।

বৰ্তমান মল্ল ৰেড্ডীৰ দায়িত্ব চম্ভালি আছে পথ সুৰক্ষাৰ ডিচিপি কে মনোহৰে। আৰক্ষী বিভাগৰ ভিতৰত এই ধৰণৰ আচৰণ সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনিক মহলত বিতৰ্ক আৰম্ভ হৈছে। বহুতে এই ঘটনা আৰক্ষী বাহিনীৰ অনুশাসন আৰু ভাবমূর্তিৰ বিপৰীত বুলি সমালোচনা কৰিছে৷

Related News