NORTHEAST NOW (Assamese)
অসম

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 19, 2021 3:20 pm
dc-Cover-fosgj

এই খন সমাজত কিমন যে কি ঘটনা নঘটে!

নিশা ১০ বছৰীয়া পুত্ৰক দোকানৰ পৰা বিড়ি কিনি আনিবলৈ এজন পিতৃয়ে।

কিন্তু দোকানৰ পৰা উভতি অহাত পলম হোৱাৰ বাবেই পিতৃয়ে টাৰ্পিনল ঢালি জ্বলাই দিলে পুত্ৰক।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ সমীপৰ কুকাতপল্লী হাউচিং কল’নিত।

যোৱা নিশা প্ৰায় ৯.৩০ বজাত বালু নামৰ লোক জনে তেওঁৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা পুত্ৰ চাৰণক পঠিয়াইছিল বিড়ি আনিবলৈ।

কিন্তু চাৰণে বিড়ি ক্ৰয় কৰি উভতি অহাত পলম কৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰে পিতৃ বালু।

পুত্ৰই উভতি অহাৰ পিছতে বালুৱে দোকানৰ পৰা উভতি অহাত পলম হোৱা বাবে পুত্ৰক গালি-গালাজ কৰিবলৈ ধৰে আৰু এটা সময়ত ঘৰৰ কাষতে থকা টাৰ্পিনল আনি পুত্ৰৰ দেহত ঢালি দিয়ে।

ইয়াৰ পিছতে বালুৱে বিড়ি জ্বলাই জ্বলন্ত কাঠিডাল পুত্ৰৰ দেহলৈ দলিয়াই দিয়ে।

ফলত দপদপকৈ জ্বলি উঠে চাৰণৰ দেহ।জ্বলন্ত অৱস্থাৰেই চাৰণে বাহিৰলৈ দৌৰ মাৰে।

চাৰণৰ চিঞৰ শুনি ওচৰ চুবুৰীয়াই বাহিৰলৈ ওলাই আহি চাৰণক ৰক্ষা কৰাৰ চেষ্টা চলায়।

কাষৰীয়া লোকে চাৰণক ততাতৈয়াকৈ গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

দেহৰ প্ৰায় ৯০ শতাংশ জ্বলি যোৱা চাৰণৰ জীয়াই থকাৰ আশা তেনেই কম বুলি জানিব পৰা গৈছে।

নিষ্ঠুৰ পিতৃৰ এনে কাৰ্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও পিতৃ বালুৱে পুত্ৰ চাৰণক শিশু শ্ৰমিক হিচাবে কাম কৰিবলৈ বাহিৰলৈ পঠিয়াইছিল।