NORTHEAST NOW (Assamese)

হুণ্ডাইৰ Grand i10 Nios ৰ শক্তিশালী মডেল মুকলি; চাওক ইয়াৰ দাম

February 26, 2020 8:26 pm · এন ই নাও নিউজ

হুণ্ডাই ইণ্ডিয়াই বুধবাৰে Grand i10 Nios ৰ নতুন শক্তিশালী সংস্কৰণ মুকলি কৰে।নতুন শক্তিশালী মডেলটোত ১.০ লিটাৰৰ টাৰ্বো GDi BS-6 পেট্ৰ’ল ইঞ্জিন দিয়া হৈছে।

Grand i10 Nios ৰ নতুন শক্তিশালী সংস্কৰণ Sportz আৰু Sportz Dual Tone এই দুটা মডেলত উলিয়াই দিয়া হৈছে।

দামৰ কথা ক’বলৈ গ’লে Hyundai Grand i10 Niosৰ Sportzৰ দাম ৭.৬৮ লাখ টকা আৰু Sportz Dual Tone মডেলৰ দাম ৭.৭৩ লাখ টকা।

Hyundai Grand i10 Nios ত 998 ccত টাৰ্বো চাৰ্জড পেট্ৰ’ল ইঞ্জিন দিয়া হৈছে।

ইন্টেৰিয়ৰত এই কাৰৰ কেবিনত সকলো ক’লা ৰঙ ৰখা হৈছে য’ত ৰঙা ৰঙেৰে অধিক স্প’ৰ্টি কৰি তোলা হৈছে।

কাৰখনৰ লুক’ত কোনোধৰণৰ সলনি কৰা হোৱা নাই। মাত্ৰ ফ্ৰন্ট গ্ৰীলত টাৰ্বোৰ চিহ্নচক্ৰ লগোৱা হৈছে যাৰ ফলত দেখিবলৈ বেলেগ লুক এটা আহিছে।

ফীচাৰ্ছৰ কথা ক’বলৈ গ’লে ইয়াত প্ৰজেক্টৰ হেডলেম্প, ১৫ ইঞ্চিৰ ডায়মণ্ড কাট হুইলকে ধৰি লেডাৰ ফিনিশ্বিং ষ্টীয়েৰিং বীল, ৱায়েৰলেছ চাৰ্জাৰ আৰু ফ্ৰন্ট য়ুএছবি চাৰ্জাৰৰ দৰে ফীচাৰ্ছ ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

Related News