NORTHEAST NOW (Assamese)
ক্ৰীড়া

অৱসৰৰ বাতৰি অস্বীকাৰ মেৰী কমৰ: দিলে স্পষ্টীকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2024 12:32 pm

বক্সিং কিংবদন্তী মেৰী কমে এতিয়াও বিদায় দিয়া নাই বক্সিং ৰিং। ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক ব্ৰঞ্জৰ বিজয়ী বক্সাৰগৰাকীয়ে বক্সিঙৰ পৰা অৱসৰ লোৱা বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে এনে বাতৰি অস্বীকাৰ কৰিছে মেৰী কমে।

এই সন্দৰ্ভত মেৰী কমে কয় যে তেওঁ এতিয়াও অৱসৰৰ কথা ঘোষণা কৰা নাই আৰু তেওঁৰ মন্তব্য ভুলকৈ উপস্থাপন কৰা হৈছে। ব্যক্তিগতভাৱে যেতিয়াই অৱসৰৰ কথা ভাবিব, তেতিয়া সংবাদ মাধ্যমৰ সন্মুখতে এই ঘোষণা কৰিব বুলি মেৰী কমে উল্লেখ কৰে।

সংবাদ মাধ্যমৰ প্ৰতিবেদনক সঁচা নহয় বুলি সদৰী কৰি তাৰকা বক্সাৰগৰাকীয়ে বুধবাৰে এক অনুষ্ঠানত তেওঁ কৰা বক্তব্য স্পষ্ট কৰি দিয়ে। যোৱা ২৪ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মেৰীয়ে কৰিছিল এক মন্তব্য।

এই মন্তব্যৰে ভুলকৈ উপস্থাপন হোৱা বুলি মেৰী কমে উল্লেখ কৰে। তেওঁ কয় যে বক্সিং জগতত সাফল্য লাভৰ বাবে তেওঁ এতিয়াও উদগ্ৰীৱ, কিন্তু বয়সৰ সীমাৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিহে অনুষ্ঠানটোত উল্লেখ কৰিছিল।

নিজৰ ফিটনেছৰ ওপৰত এতিয়াও গুৰুত্ব দি আছে বুলি উল্লেখ কৰি মেৰী কমে খেল অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে আৰু যেতিয়াই অৱসৰৰ কথা ভাবিব সকলোকে জনাব বুলি মন্তব্য কৰে।